গোলাঘাট,27 অক্টোবৰ: গোলাঘাটত মুকলি কৰা হ'ল ক'ভিড যোদ্ধাৰ এটি গীত । কৰ'ণা ভাইৰাছৰ লগত সন্মুখৰ পৰা যুদ্ধ কৰা যোদ্ধা সকলক লৈ প্ৰস্তুত কৰি উলিওৱা হৈছে এই বিশেষ গীতটি । জিলাখনৰ স্ৱাস্থ্য় বিভাগত নিয়োজিত হৈ থকা টেকনিচিয়ান সকলে নিজৰ প্ৰচেষ্টাত সম্পন্ন কৰিছে Covid Warrior song শীৰ্ষক গীতটি। এই গীতটোত কৰ'ণা ভাইৰাছৰ লগত সমুখ সমৰৰ পৰা যুদ্ধত অৱতীৰ্ণ হোৱা সকলক উদ্দেশ্যি প্ৰস্তুত কৰি উলিওৱা হৈছে ।
গোলাঘাটত মুকলি ক'ভিড যোদ্ধাৰ গীত - মন্ত্ৰী অতুল বৰা
কৰ'ণা ভাইৰাছৰ লগত সন্মুখ সমৰৰ পৰা যুঁজ কৰা যোদ্ধাসকলক সন্মান জনাই গোলাঘাটত মুকলি কৰা হ'ল ক'ভিড যোদ্ধাৰ এটি বিশেষ গীত ৷ গীতটিৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই ৷
![গোলাঘাটত মুকলি ক'ভিড যোদ্ধাৰ গীত covid warrior song released](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9326145-thumbnail-3x2-ggy.jpg)
গোলাঘাটত মুকলি ক'ভিড যোদ্ধাৰ গীত
গোলাঘাটত মুকলি ক'ভিড যোদ্ধাৰ গীত
এই গীতত জিলাখনৰ বিভিন্ন প্ৰতিচ্ছবি উন্মোচন কৰাৰ উপৰিও ক'ভিড যোদ্ধাসকলক সন্মান জনাই সেই জটিল সন্ধিক্ষণত কাম কৰি থকা সকলৰ বিষয়েও উপস্থাপন কৰা হৈছে ।এই গীতটি গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চচাইটিত শুভ উদ্বোধন কৰে মন্ত্ৰী অতুল বৰাই । গীতটোত অভিনয় কৰিছে একাংশ ক'ভিড যোদ্ধাই । গীতটোত কণ্ঠ বাণীবদ্ধ, চিত্ৰ গ্ৰহণ কৰা আদিত বিশেষ ভাৱে পদক্ষেপ গ্ৰহণ কৰিছে বিভাগটোৰ এগৰাকী টেকনিচিয়ান দেৱজিৎ লাহনে ।