গোলাঘাট,7মে':গোলাঘাট জিলাত আজিৰে পৰা ১৮ বছৰৰ পৰা ৪৪ বছৰৰ সকলো লোককে প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন ৷ স্বাস্থ্য বিভাগৰ উদ্যোগত গোলাঘাট নগৰৰ দুটাকৈ ভেকচিন কেন্দ্ৰত এই ভেকচিন প্ৰদান কৰা হৈছে । জিলাখনৰ স্পৰ্টছ কমপ্লেক্স আৰু সুভাষ কলনিস্থিত জালান সেৱা সদনত ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ।
গোলাঘাটত ১৮-৪৪ বছৰৰ সকলোকে ভেকচিন দিয়াৰ ব্যৱস্থা - ক'ভিড ভেকচিন
গোলাঘাটত আজিৰে পৰা আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া ৷ ১৮ বছৰৰ পৰা ৪৪ বছৰৰ সকলো লোককে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷
গোলাঘাটত ১৮-৪৪ বছৰৰ সকলোকে ভেকচিন দিয়াৰ ব্যৱস্থা
অনলাইন যোগে নামভৰ্তি কৰা লোক সকলক স্পৰ্টছ কমপ্লেক্স আৰু সুভাষ কলনিস্থিত জালান সেৱা সদনৰ দুয়োটা ভেকচিন কেন্দ্ৰতে ১৫০ গৰাকীকৈ মুঠ ৩০০ গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন । ইপিনে, পুৱাৰে পৰা ভেকচিন লবলৈ দুয়োটা কেন্দ্ৰতে ভীৰ কৰেহি অগণন লোকে ৷ অৱশ্যে ক'ভিড প্ৰটকলৰ মাজেৰে সকলোৱে গ্ৰহণ কৰে ক'ভিড ভেকচিন ৷
অন্য এক খবৰৰ বাবে: বজালী জিলাত 18 বছৰৰ উৰ্ধৰ ব্যক্তিক ভেকচিন প্ৰদান