গোলাঘাট,7 মে’ :গোলাঘাট জিলাৰ দেৰগাঁৱৰ অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত মহামাৰী কৰ’ণাই আতংকৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন ঠাইৰ পৰা কেন্দ্ৰটোত প্ৰশিক্ষণ ল’বলৈ অহা প্ৰায় 67 গৰাকীকৈ প্ৰশিক্ষণৰত আৰক্ষীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি ৷
ইয়াৰ মাজৰে প্ৰশিক্ষণৰত আৰক্ষী জোৱান ASI(UB) বাগীৰাম বড়োৰ বৃহস্পতিবাৰে নিশা যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে, বাকীকেইগৰাকী কৰ’ণা আক্ৰান্ত আৰক্ষীক গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ সহযোগত প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষই প্ৰশিক্ষণ থলীৰ বেৰেকত আছুতীয়াকৈ ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে ।