গোলাঘাট, 19 চেপ্তেম্বৰ:নিজ ইচ্ছানুসৰি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলাই ঘৰমুৱা হ'ল কৰ'ণা আক্ৰান্ত ৰোগী ৷ তাৰ পাচতেই হুৱা-দুৱা লাগে আত্মীয়ৰ মাজত ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই বয়োজ্যেষ্ঠ ব্যক্তি গৰাকীয়ে চিকিৎসালয়ৰ পৰা ওলাই যাবলৈ সুবিধা পালে বুলি অভিযোগ উত্থাপিত হৈছে ৷
কৰ্তৃপক্ষৰ অতৰ্কিতে চিকিৎসালয়ৰ পৰা ঘৰমুৱা হ'ল কৰ'ণা ৰোগী - কৰ'ণা আক্ৰান্ত ৰোগী
গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলাই ঘৰমুৱা হ'ল বয়োজ্যেষ্ঠ কৰ'ণা আক্ৰান্ত ৰোগী ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৷
উল্লেখ্য যে, কৰ'ণা মহামাৰীত আক্ৰান্ত হৈ বৃহস্পতিবাৰে চিকিৎসালয় খনত ভৰ্তি কৰোৱা হৈছিল কৰ্ণ তাঁতী নামৰ লোক এগৰাকীক ৷ কিন্তু শুকুৰবাৰে সন্ধিয়া কৰ্ণ তাঁতী নামৰ বয়োজ্যেষ্ঠ লোকগৰাকী ওলাই যায় চিকিৎসালয়ৰ পৰা ৷ নিশা য'তে ত'তে আশ্ৰয় লোৱাৰ পাচত শনিবাৰে পুৱা লোকগৰাকী ৰঙাজানৰ নিজ জীয়েকৰ ঘৰ পায়গৈ ৷ কমাৰবন্ধাৰ বামুন গাঁও নিবাসী লোক গৰাকী জীয়ৰীৰ ঘৰ পোৱা বুলি খবৰ পোৱাৰ পাচতে হাহাকাৰ লাগে তেওঁৰ পৰিয়ালৰ মাজত ৷ পৰিয়ালৰ অভিযোগ অনুসৰি ইমানৰ পাচতো চিকিৎসালয় কৰ্তৃপক্ষই ফোন নম্বৰ থকাৰ পিচতো পৰিয়ালৰ লোকক দিয়া নাছিল কোনো ধৰণৰ খবৰ ৷
লগতে পঢ়ক:বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ