তিতাবৰ,10 জুন :গোলাঘাট জিলাৰ চাহ বাগিচাসমূহত নিষিদ্ধ কৰা হৈছে বাহিৰা লোকৰ প্ৰৱেশ । বাগিচা এলেকাত কোনো লোকে প্ৰৱেশ কৰিলে ১৪ দিনৰ হোম কোৱাৰেণ্টাইনত থকাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰা হৈছে । লগতে প্ৰতিটো কোৱাৰেণ্টাইনত চেণ্টাৰত দৈনিক চিকিৎসকে দুবাৰকৈ সেৱা আগবঢ়াব লাগিব ৷
চাহ বাগিচাৰ প্ৰৱন্ধকসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা । চাহ বাগিচাসমূহত ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় গোলাঘাট জিলা প্ৰশাসন ।
বাহিৰা লোকৰ বাবে বন্ধ গোলাঘাটৰ প্ৰতিখন চাহ বাগিচাৰ প্ৰৱেশ পথ তদুপৰি বাগানসমূহৰ প্ৰৱেশ আৰু প্ৰস্থান পথত অতিৰিক্ত মানুহ নিয়োগ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । তেওঁ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলক তৎকালীনভাৱে ক'ভিড পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিয়ে । দৈনিক চাহ বাগিচাৰ মুঠ জনসংখ্যাৰ 0.3 শতাংশ লোকক পৰীক্ষা কৰাৰ উপৰি অন্য লোককো পৰীক্ষা কৰিবলৈ তেওঁ আহ্বান জনায় ৷
উপায়ুক্ত গৰাকীৰ নিৰ্দেশনাৰ পাচতেই এতিয়া বিষয়টোক লৈ তৎপৰ হৈ পৰিছে গোলাঘাট জিলাৰ চাহ বাগিচা কৰ্তৃপক্ষ । গোলাঘাটৰ মক্ৰং চাহ বাগিচাই প্ৰশাসনৰ এই নিৰ্দেশনা আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰা দেখা গৈছে ৷ ইতিমধ্যে চাহ বাগিচাখনৰ প্ৰৱেশ পথসমূহ বাহিৰা লোকৰ বাবে বন্ধ কৰি দিয়া হৈছে । লগতে চৰকাৰী নিৰ্দেশনা অনুসৰি আয়োজন কৰা হৈছে সকলো প্ৰকাৰৰ ক'ভিড সজাগতা ।
লগতে পঢ়ক : মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক