অসম

assam

মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন

By

Published : May 20, 2021, 8:10 PM IST

নুমলীগড়ৰ মুৰফুলনী চাহ বাগিচাৰ ১ নম্বৰ লাইনত পুনৰ ১১ গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হয় ৷

নুমলীগড়ৰ মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন
নুমলীগড়ৰ মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন

গোলাঘাট, 20 মে’ : গোলাঘাট জিলাতো ক’ভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । মৰঙী মৌজাৰ ভিন্ন ঠাইত ক’ভিডৰ গণ সংক্ৰমণ হোৱাৰ আশংকা কৰিছে । নুমলীগড় চাহ বাগিচা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা পাচতে মুৰফুলনী চাহ বাগিচাৰ ১ নম্বৰ লাইনত পুনৰ ১১ গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ ভাগ্যপুৰ স্বাস্থ্য কেন্দ্ৰত 26 গৰাকীৰ ৰেপিড এন্টিজেন পৰীক্ষা কৰাত এই 11 গৰাকী লোক ক’ভিড আক্ৰান্ত বুলি চিনাক্ত হয় ৷

আনহাতে, চাহ বাগিছাখনত 11 গৰাকীকৈ ক’ভিড ৰোগী ধৰা পৰাত মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হয় ৷ সম্প্ৰতি মুৰফুলনী চাহ বাগিচাত মুঠ 18 গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে ৷

নুমলীগড়ৰ মুৰফুলনী বাগান প্ৰাথমিক বিদ্যালয়ত ক’ভিড চিকিৎসা কেন্দ্ৰ স্থাপন

উল্লেখ্য যে, স্বাস্থ্য বিভাগৰ মতে মুৰফুলনী চাহ বাগিচাত আৰু অধিক লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ হোৱাৰ আশংকা আছে । পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগৰ পৰীক্ষাত ক’ভিড আক্ৰান্ত সংখ্যা গম পোৱা যাব বুলি কোৱাৰ লগতে চাহ বাগিচা অঞ্চলত সজাগতাৰ অভাৱতেই এনেদৰে সংক্ৰমণ হৈছে বুলি উল্লেখ কৰে স্বাস্থ্য বিষয়া গৰাকীয়ে ।

লগতে পঢ়ক : ক'ভিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজনীতিৰ পক্ষপাতি নহয় আব্দুল খালেক

ABOUT THE AUTHOR

...view details