সৰুপথাৰ,10 এপ্ৰিলঃএগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি সৰুপথাৰৰ গন্ধকৰৈ গাঁৱত সৃষ্টি হয় কৰ’ণাৰ আতংক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, গন্ধকৰৈ গাঁৱৰ দীপক শইকীয়া নামৰ ব্যক্তিজনৰ শুকুৰবাৰৰ পুৱা নিজ গৃহত মৃত্যু ঘটে ৷ মৃত ব্যক্তিজন প্ৰায় এসপ্তাহ ধৰি জ্বৰ,কাহ আৰু চৰ্দিজনিত ৰোগত ভুগি আছিল ৷ ফলত অঞ্চলটোৰ বাসিন্দাসকলে ব্য়ক্তিজন কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ আশংকা ব্যক্ত কৰে ৷
সৰুপথাৰত কৰ’ণাৰ আতংক ! - সৰুপথাৰ
এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা সৰুপথাৰত ৷ কৰ’ণাত আক্ৰান্ত হৈ ৰোগী গৰাকী মৃত্যুবৰণ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷
![সৰুপথাৰত কৰ’ণাৰ আতংক ! Covid 19 remour at sarupathar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6738836-thumbnail-3x2-a.jpg)
সৰুপথাৰত কৰ’ণাৰ আতংক !
সৰুপথাৰত কৰ’ণাৰ আতংক !
দিনৰ ভাগত সৰুপথাৰ সমূহীয়া স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসকৰ এটা দলে মৃতকৰ ঘৰত উপস্থিত হৈ ব্যক্তি গৰাকী উচ্চ ৰক্তচাপত ভুগি মৃত্যুবৰণ কৰা বুলি জানিবলৈ দিয়ে ৷ কিন্তু চিকিৎসকৰ মন্তব্যত আশ্বস্ত হোৱা নাই স্থানীয় ৰাইজ ৷ বৰ্তমানলৈকে মৃতদেহ সৎকাৰৰ কোনো ব্যৱস্থা কৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷