গোলাঘাট, 24 মাৰ্চ :সমগ্ৰ বিশ্বৰ লগতে কৰ'ণা ভাইৰাছৰ আতংকই শংকিত কৰি তুলিছে অসমবাসীক । মষিমূৰ কৰিছে মানৱতাৰ মহিয়ান দিশটো । কৰ'ণা ভাইৰাছৰ সন্দেহত চিকিৎসাৰ বাবে অনা ব্যক্তিক একাষৰীয়া কৰিছে একাংশই । সাধাৰণ মানুহৰ লগতে চিকিৎসা বিভাগৰ একাংশ কৰ্মচাৰীয়ে অকলশৰীয়া কৰিছে কৰ'ণা ভাইৰাছৰ সন্দেহত অহা ব্যক্তিক । কিন্তু মানৱতাৰ প্ৰকৃত পৰিচয় দাঙি ধৰিলে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰশান্ত প্ৰতিম গগৈয়ে ।
গোলাঘাটত কৰ'ণা ভাইৰাছৰ সন্দেহত চিকিৎসাৰ বাবে অহা দুজন যুৱকক অকলশৰীয়া কৰিলে সাধাৰণ ৰাইজে । কেৱল সাধাৰণ মানুহেই নহয়, অকলশৰীয়া কৰিলে চিকিৎসা বিভাগৰ একাংশ কৰ্মচাৰী আৰু বিভাগটোৰ এম্বুলেন্স সেৱাত নিয়োজিত কৰ্মচাৰীসকলে । উপায়হীন হৈ অৱশেষত মানৱতাৰ প্ৰকৃত পৰিচয় দাঙি ধৰিলে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰশান্ত প্ৰতিম গগৈয়ে ।
মেৰাপানীৰ পূৱ পানবাৰীৰ দুজন যুৱক মুম্বাইত কৰ্মৰত অৱস্থাত আছিল । কৰ'ণা আতংকৰ বাবে ঘূৰি আহিছিল নিজা ঘৰলৈ । যুৱক দুজনৰ কাঁহ আৰু জ্বৰ হোৱাত মেৰাপানী চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আহে । চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰাৰ পিছতে যুৱক দুজনক কৰ'ণা সন্দৰ্ভত পৰীক্ষণ কৰিবলৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে । কিন্তু চিকিৎসালয়লৈ যুৱকক দুজনক আনিবলৈ অনিচ্ছা প্ৰকাশ কৰে এম্বুলেন্স আৰু ভাড়া গাড়ীয়ে । উল্লেখযোগ্য যে, 108ৰ দ্বাৰাও যুৱক দুজনক চিকিৎসালয়লৈ আনিব নিবিচাৰিলে । মেৰাপানী চিকিৎসালয়ত থকা এম্বুলেন্সখনৰ কৰ্মচাৰীয়ে যুৱক দুজনক কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনিবলৈ অনিচ্ছা প্ৰকাশ কৰে । এম্বুলেন্সত সুৰক্ষাজনিত ব্যৱস্থা নথকাৰ বাবে 108 আৰু চিকিৎসালয়খনৰ এম্বুলেন্সে কৰ'ণা সন্দেহৰ ব্যক্তিক সেৱা প্ৰদানপৰা আঁতৰি আছে । গোটেই দিনটো চিকিৎসালয়ত দিশহাৰা হৈ বহি থাকে যুৱক দুজন ।
অৱশেষত মানৱতাৰ প্ৰকৃত পৰিচয় দাঙি ধৰিলে মেৰাপানী চিকিৎসালয়ৰ চিকিৎসক ডাঃ প্ৰশান্ত প্ৰতিম গগৈয়ে । ৰোগীৰ চিকিৎসা প্ৰদান কৰাৰ পিছতেই মানৱীয় নিৰ্দশন দেখুৱাই নিজৰ গাড়ীৰে যুৱক দুজনক মেৰাপানীৰ পৰা 26 কিলোমিটাৰ দূৰত থকা কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনে চিকিৎসকগৰাকীয়ে ।
লক্ষণীয় বিষয়টো হৈছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ভয়ত মানৱীয় প্ৰমুল্যবোধ হেৰুৱাই পেলাইছে নেকি আজিৰ সমাজে ? চৰকাৰে এই ৰোগৰ লগত যুঁজ কৰিব পৰাকৈ সাজু কৰা নাই নেকি স্বাস্থ্য বিভাগক ?