অসম

assam

ETV Bharat / state

জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড - বিধায়ক জিতেন গগৈ

প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড (Jiten Gogoi and Kushal Dowari to Jail) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত অবৈধ মৎস্য চিকাৰ কৰাৰ গোচৰৰ ভিত্তিত এই গুৰুত্বপূৰ্ণ ৰায় ৷

Jiten Gogoi and Kushal Dowari to Jail
জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড

By

Published : Mar 5, 2022, 3:52 PM IST

গোলাঘাট, 5 মাৰ্চ: গোলাঘাটৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়ধীশৰ গুৰুত্বপূৰ্ণ ৰায় ৷ দুই প্ৰাক্তন বিধায়কসহ মুঠ পাঁচগৰাকী লোকক ২ বছৰৰ কাৰাদণ্ড আৰু পাঁচ হাজাৰকৈ জৰিমনা (Jiten Gogoi and Kushal Dowari to be convicted) ৷

জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড

২০০৯ চনৰ মাৰ্চ মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত অনাধিকাৰ প্ৰৱেশ কৰি অবৈধ ভাৱে কঁহৰা বনাঞ্চলৰ কাঠনিবাৰী আৰু হোলালপাঠ বনশিবিৰ এলেকাৰ ডিফলু নদীত অবৈধ মৎস্য চিকাৰ কৰাৰ গোচৰৰ ভিত্তিত প্ৰাক্তন বিধায়ক জিতেন গগৈ আৰু কুশল দুৱৰীক দুবছৰৰ কাৰাদণ্ড বিহে আদালতে ৷ আদালতে দুই বিধায়কৰ লগতে তৰুন বৰা, বাবু গগৈ আৰু ডম্বৰুধৰ গগৈকো শাস্তি প্ৰদান কৰিছে ৷

কাজিৰঙাৰ তদানীন্তন ৰেঞ্জাৰ ধৰণীধৰ বড়োৱে তৰিছিল গোচৰ ৷ আদালতে এমাহৰ ভিতৰত উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ সময় সীমা বান্ধি দি এমাহৰ বাবে মুকলি কৰি দিয়ে দোষী কেইজনক ।

লগতে পঢ়ক:Russia Ukraine war : ৰাছিয়াৰ যুদ্ধবিৰতি ঘোষণাৰ পাছতে উদ্ধাৰ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details