অসম

assam

ETV Bharat / state

এমাহতে খহি গৈছে জলসম্পদ বিভাগে নিৰ্মান কৰা মথাউৰি - ধনশিৰি নদী

যোৰহাট সংমণ্ডল আৰু বোকাখাত উপ-সংমণ্ডলৰ অধীনষ্ঠ বৰপথাৰৰ কৰ্দৈগুৰিত জলসম্পদ বিভাগৰ কামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ কৰ্দৈগুৰিৰ ধনশিৰি নদীৰ মথাউৰিটো বাঢ়নী পানীয়ে খহাই পেলোৱাত প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বাৰিষাৰ পূৰ্বে মেৰামতিৰ কাম হাতত লৈ বৰ্তমান আধাতে সামৰি থৈছে নিৰ্মীয়মান কামটো ৷

Corruuption at the work of water resource department at sarupathar golaghat assam etv bharat news
অনিয়মৰ অভিযোগ জলসম্পদ বিভাগৰ কামত

By

Published : Jun 9, 2020, 1:29 PM IST

সৰুপথাৰ,9 জুন: ক্ৰমাৎ গেলিব ধৰিছে ৰাজ্যৰ প্ৰায়বোৰ চৰকাৰী বিভাগ ৷ বিশেষকৈ ৰাজ্যৰ ঠায়ে-ঠায়ে জলসম্পদ বিভাগে কৰা কামৰ নমুনাত এই কথা স্পষ্টকৈ প্ৰতিপন্ন হোৱাৰ উপক্ৰম হৈছে ৷ বৰ্তমান বিভাগটোৰ কাম-কাজৰ জৰিয়তে বিষয়া-ঠিকাদাৰ মিলি কেৱল চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বৰপথাৰৰ একাংশ ৰাইজৰ বিৰুদ্ধে ৷

বালিৰ বস্তাৰে মথাউৰি মেৰামতিৰ চেষ্টা

উল্লেখ্য যে, জলসম্পদ বিভাগৰ অধীনত বৰপথাৰৰ কৰ্দৈগুৰিত মথাউৰি মেৰামতিৰ কাম হাতত লৈছিল যোৰহাট সংমণ্ডল আৰু বোকাখাত উপ-সংমণ্ডলে ৷ কৰ্দৈগুৰিৰ মাজেৰে যোৱা ধনশিৰি নদীৰ মথাউৰিটো বাঢ়নী পানীয়ে খহাই পেলোৱাত বাৰিষা অহাৰ পূৰ্বে বিভাগটোৱে কাম কৰিবলৈ লৈছিল যদিও আধাতে কাম সামৰি বৰ্তমান পৰ্যন্ত কামটো সম্পূৰ্ণ নকৰিলে ৷ উক্ত কামৰ বাবে আবণ্টিত হোৱা ধনৰ পৰিমাণ সম্পৰ্কে সকলো তথ্য অন্ধকাৰত ৰাখি মাত্ৰ নদীৰ বুকুত বাঁহ পুতি খহনীয়াৰ স্থানত প্ৰায় 425 জিঅ’ বেগ, মথাউৰিৰ কাষৰ পলসুৱা মাটি বস্তাত ভৰাই কাম আধৰুৱা কৰি আঁতৰি যোৱাৰ পিছৰে পৰা বিভাগটোৱে কামটোৰ প্ৰতি বৰ্তমান কাণষাৰ নিদিয়া হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

অনিয়মৰ অভিযোগ জলসম্পদ বিভাগৰ কামত

ইফালে, বিভাগটোৱে কৰা কামৰ এমাহৰ ভিতৰতে মেৰামতি কৰা অংশ খহিবলৈ ধৰাত ভাবুকি সৃষ্টি হৈছে ধনশিৰি নদীৰ সমীপৱৰ্তী প্ৰায় ছখন গাঁৱলৈ ৷ যাৰ বাবে এতিয়া নৈপৰীয়া লোকসকলে আতংকিত হৈ জীৱন অতিবাহিত কৰিব লগা হৈছে ৷

লগতে চাওকঃকাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী

ABOUT THE AUTHOR

...view details