অসম

assam

টকা নিদিলে কাম নচলে গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত !

By

Published : Sep 13, 2021, 10:39 PM IST

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত টকা দি হে আপুনি যাৱতীয় কাম-কাজ সম্পন্ন কৰিব পাৰিব ৷ পিতৃৰ নামত থকা মাটি পুত্ৰৰ নামলৈ আনিবৰ বাবে 3000 পৰা 4000 টকা দিব লাগে মণ্ডলক । টকা নিদিয়াৰ বাবেই বিশেষভাৱে সক্ষম ব্যক্তিকো হাৰাশাস্তি কৰিছে গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ।

Golaghat Revenue Circle
গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি

গোলাঘাট, 13 ছেপ্টেম্বৰ : টকা নিদিলে কাম নহয় গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত । টকা নিদিলে বছৰ বছৰ ধৰি এটুকুৰা মাটিৰ নামজাৰী কামৰ বাবে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ অহা-যোৱা কৰিব লাগিব আপুনি । মুখ্যমন্ত্ৰী নিৰ্দেশকো ভেঙুচালি গোলাঘাট জিলাৰ ৰাজহ চক্ৰৰ ৷

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি

গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডলৰ পৰা সাৰি নাযায় বিশেষভাৱে সক্ষম লোকো । পিতৃৰ নামত থকা মাটি পুত্ৰৰ নামলৈ আনিবৰ বাবে 3000 পৰা 4000 টকা দিব লাগে মণ্ডলক । টকা নিদিয়াৰ বাবেই বিশেষভাৱে সক্ষম ব্যক্তিকো হাৰাশাস্তি কৰিছে গোলাঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে ।

মণ্ডলৰ মইমতালিৰে চলিছে গোলাঘাট জিলা বিষয়াৰ কাৰ্যালয় । অভিযোগ অনুসৰি, গোলাঘাট ৰাজহ চক্ৰ বিষয়া গৰাকী কাৰ্যালয়ত বহি থাকে যদিও দুয়োখন দুৱাৰ বন্ধ হৈ থকাৰ বাবে সাধাৰণ লোকে লগ কৰিব নোৱাৰে বিষয়াগৰাকীক ।

লগতে পঢ়ক:উত্তপ্ত মৰাণ মহাবিদ্যালয়; ড৹ মিতালী কোঁৱৰক প্ৰৱেশত বাধা ছাত্ৰ সমাজৰ

ইফালে, মাটি জোখ মাখৰ পৰা আৰম্ভ কৰি মাটি পঞ্জীয়ন হোৱালৈকে টকাৰ লেনদেন কৰে মণ্ডলে । বছৰ বছৰ ধৰি এটুকুৰা মাটিৰ কামৰ বাবে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ আহিও যাৱতীয় কাম-কাজ সম্পন্ন কৰিব নোৱাৰে সাধাৰণ লোকে ৷

চক্ৰ বিষয়া কাৰ্যালয়ৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে যদিও বাস্তৱত ৰূপায়ণ হোৱা নাই এই নিৰ্দেশ । গোলাঘাট ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে কাৰ্যালয়ত কোনো মধ্যভোগী লোকৰ দ্বাৰা কাম সম্পাদন নহয় বুলি ক'লেও কিন্তু দালাল মুক্ত হোৱা নাই গোলাঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় ।

লগতে পঢ়ক:বৰ্তমানেও পলাতক মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাৰ্যত জড়িত দুজন অভিযুক্ত

ABOUT THE AUTHOR

...view details