গোলাঘাট,31 মাৰ্চ : ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত শৌচালয় নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম । এই আঁচনিৰ অধীনত গোলাঘাটৰ নুমলীগড় চাহ বাগিচাত নিৰ্মিত এটাৰ পাচত আনটো শৌচালয় এতিয়া ভাঙিছে বান্দৰে । কেৱল এয়াই নহয়, শৌচালয় ভাঙি আহতও হৈছে বান্দৰ ।
বান্দৰে ভাঙিলে ভাৰত চৰকাৰৰ অনাময় আঁচনিৰ শৌচালয়
ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত অনাময় আঁচনিৰ অধীনত নুমলীগড় চাহ বাগিচাৰ লাইনসমূহত নিৰ্মিত হৈছে শতাধিক শৌচালয় । কিন্তু শৌচালয়সমূহ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক অনিয়ম । যাৰ বাবে এটা বান্দৰ উঠিলেই বালিঘৰৰ দৰে ভাঙি পৰে শৌচালয়ৰ টেংকী আৰু সেই টেংকীসমূহতে পৰি আহত হৈছে বহু বান্দৰ ।

উল্লেখ্য যে,শৌচালয়সমূহত ব্যৱহৃত সামগ্ৰীসমূহ অতি নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰিছে বাগিচাখনৰ শ্ৰমিকসকলে । এনেদৰেই এতিয়া চৰকাৰ আৰু প্ৰশাসনৰ লগত মিতিৰালি কৰি একাংশ ঠিকাদাৰ, সংস্থাই সংঘটিত কৰি আহিছে ব্যাপক দুৰ্নীতি । সেয়েহে এইসমূহ ঠিকাদাৰ ,সংস্থাক নাকী লগাবলৈ সৰ্বানন্দ সোণোৱালৰ চৰকাৰক দাবী জনায় শ্ৰমিকসকলে ।