গোলাঘাট, 25 জানুৱাৰী :গোলাঘাটৰ পূৱ মৰঙী গাঁও পঞ্চায়ত ঘেৰাও স্থানীয় ৰাইজৰ ৷ পঞ্চায়তৰ বিভিন্ন আঁচনিত সংঘটিত হোৱা দুৰ্নীতিত পঞ্চায়ত কৰ্মী জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ থুৰামুখ গাঁৱৰ একাংশ মহিলা পুৰুষে কেইবাঘন্টা ধৰি আৱদ্ধ কৰি ৰাখিলে পঞ্চায়ত সভানেত্ৰী প্ৰতীমা গগৈক ৷ নিজ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতে এই গতি সভানেত্ৰী গৰাকীৰ । কেৱল সভানেত্ৰীয়েই নহয় পঞ্চায়ত খনৰ 8 নং ৱাৰ্ডৰ কুশল গগৈৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । তেওঁৰ নিজৰ পঞ্চায়ত কৰ্মীয়ে দুৰ্নীতি কৰাৰ কথা নিজ মুখেৰেই ব্যক্ত কৰিলে সভানেত্ৰী গৰাকীয়ে ৷ শুনক সভানেত্ৰীৰ মুখেৰে ৷
ইফালে সভানেত্ৰীৰ ওপৰত ২০১৬-১৭ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নামঘৰ সাংস্কৃতিক পুথিভঁৰাল আৰু যুৱ সংঘৰ সাংস্কৃতিক ভৱন নিৰ্মাণৰ আৱন্টিত ধনটো লুন্ঠনৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ পঞ্চায়ত কৰ্মীৰ নেতৃত্বত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ক্ৰয় কৰি লুন্ঠন চলাইছে চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত ধন । এনেৰেগা কাম তদাৰকৰ বাবে নতুন কমিটি গঠন কৰি বিজেপি দলৰ কৰ্মীক অধিক প্ৰাধান্য দিয়াৰ অভিযোগো উত্থাপন হৈছে সভানেত্ৰীৰ বিৰুদ্ধে ।