অসম

assam

ETV Bharat / state

মাত্ৰ 60 শতাংশ উৎপাদনৰে চলি আছে নুমলীগড় তেল শোধনাগাৰ - স্বাস্থ্য

কৰ'ণা মহামাৰীৰ বাবে NRL ত বিৰূপ প্ৰভাৱ ৷ 60 শতাংশ উৎপাদনৰে চলি আছে NRL ৰ উৎপাদন ক্ষমতা ৷ আনহাতে, তেল বিক্ৰীৰ অভাৱত বৃহৎ লোকচানৰ সন্মুখীন NRL কৰ্তৃপক্ষ ৷

CoronaVirus Impact On Economy, Numligrah NRL Facing Heavey Loss Due to Covid-19
মাত্ৰ 60 শতাংশ উৎপাদনৰে চলি আছে নুমলীগড় তেল শোধনাগাৰ

By

Published : Sep 2, 2020, 4:39 PM IST

গোলাঘাট, 2 ছেপ্তেম্বৰ :ক'ভিড-19 ৰ বাবে অবনমিত হৈছে দেশৰ অৰ্থনীতি ৷ স্বাস্থ্য, শিক্ষা, কৃষি আদি সকলো ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰাৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদনতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

কৰ'ণা মহামাৰীৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ লগতে এন আৰ এলতো বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ তথ্য অনুসৰি, মাত্ৰ 60 শতাংশ উৎপাদনৰে এন আৰ এল চলি থকা বুলি জানিব পৰা গৈছে ৷

মাত্ৰ 60 শতাংশ উৎপাদনৰে চলি আছে নুমলীগড় তেল শোধনাগাৰ

আনহাতে, সোমবাৰৰ পৰা এন আৰ এলৰ অন্যতম মূল চালিকা শক্তি হাইড্ৰ ক্ৰেকাৰ ,হাইড্ৰজেন ইউনিট আৰু ডি এইচ ডি টি বন্ধ হৈ আছে ৷ যাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে নুমলীগড় শোধনাগাৰ ৷ লগতে, শোধিত তৈল সামগ্ৰীৰ বিক্ৰী কম হোৱাৰ বাবে 60 শতাংশ উৎপাদনৰ কামেৰে চলি আছে শোধনাগাৰটোৰ কামকাজ ।

লগতে পঢ়ক : বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্যৰ হাত সেৱা ভাৰতৰ

ABOUT THE AUTHOR

...view details