অসম

assam

ETV Bharat / state

চিত্ৰশিল্পীৰ হাতৰ পৰশত উজ্জীৱিত হ'ল কৰ'ণা ভাইৰাছৰ আতংক - জনপ্ৰিয় চিত্ৰশিল্পী ৰাণা কলিতা

গোলাঘাটৰ বাসিন্দা তথা অসমৰ এগৰাকী জনপ্ৰিয় চিত্ৰশিল্পী ৰাণা কলিতাই অইল পেইন্টিঙৰ জৰিয়তে অংকন কৰিলে কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশৰ প্ৰথমখন চিত্ৰ ৷ 11বৰ্গ ফুটৰ চিত্ৰখনত কৰ'ণাৰ উৎপত্তি, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু, চেনিটাইজ, লক ডাউনৰ ফলত হ'ব লগা দুৰ্ভিক্ষৰ সকলো দিশ পৰিস্ফূত হৈছে ৷

corona virus terror art by artist rana kalita
চিত্ৰশিল্পীৰ হাতৰ পৰশত উজ্জীৱিত হ'ল কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশ

By

Published : Apr 6, 2020, 8:37 PM IST

গোলাঘাট,6 এপ্ৰিলঃ বিশ্বত্ৰাস কৰ'ণা মহামাৰীৰ বিভীষিকাময় পৰিৱেশৰ এখন বিশেষ চিত্ৰ অংকন কৰি উলিয়াইছে গোলাঘাটৰ এজন চিত্ৰশিল্পীয়ে । চিত্ৰ শিল্পী ৰাণা কলিতাৰ ৰং তুলিকাত ফুটি উঠিছে লক ডাউনৰ দুৰ্ভিক্ষ, কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা এগৰাকী মহিলা আৰু কৰ'ণা ভাইৰাছৰ উৎপত্তি ।

চিত্ৰশিল্পীৰ হাতৰ পৰশত উজ্জীৱিত হ'ল কৰ'ণা ভাইৰাছৰ আতংক

মহামাৰী কৰ'ণা ভাইৰাছৰ উৎপত্তি আৰু মানৱ সমাজত তাৰ ভয়ংকৰ প্ৰভাৱ, এই সকলোবোৰ সামৰি অংকন কৰা হ'ল কৰ'ণা ভাইৰাছৰ আতংকময় পৰিৱেশৰ এখন বিশেষ চিত্ৰ । গোলাঘাটৰ বাসিন্দা তথা অসমৰ এগৰাকী জনপ্ৰিয় চিত্ৰশিল্পী ৰাণা কলিতাৰ হাতৰ পৰশত সৃষ্টি হ'ল কৰ'ণা ভাইৰাছৰ আৱিৰ্ভাৱৰ পৰা বৰ্তমানৰ পৰিস্থিতি পৰ্যন্ত সকলো অৱস্থা । চিত্ৰ শিল্পী ৰাণা কলিতাই বিগত দুটা দিনৰ ভিতৰত অইল পেইন্টিঙৰ জৰিয়তে অংকন কৰিছে এই বিশেষ চিত্ৰখন । মুঠ 11 বৰ্গ ফুটৰ চিত্ৰখনত কৰ'ণাৰ উৎপত্তি, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু, কৰ'ণাৰ পৰা বাচি থাকিবলৈ চেনিটাইজাৰ আৰু বৰ্তমান অব্যাহত থকা ২১ দিনীয়া লক ডাউনৰ ফলত হ'ব লগা ভয়াৱহ দুৰ্ভিক্ষৰ এটা গুৰুত্বপূৰ্ণ দিশ পৰিস্ফুত হৈছে ।

ৰাণা কলিতাই বৰ্তমানলৈকৈ হাজাৰৰো অধিক ভিন্ন বিষয়ৰ চিত্ৰ অংকন কৰিছে । কিন্তু গুৰুত্বপূৰ্ণ এইয়ে যে কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত অংকন কৰা চিত্ৰখন বিক্ৰী কৰিব বিচাৰিছে শিল্পী গৰাকীয়ে । অনলাইনত বিশেষ গুৰুত্ব লাভ কৰা চিত্ৰখনৰ সন্দৰ্ভত শিল্পী ৰাণা কলিতাই গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ লগতো কথা পাতিছে । তেওঁ জনাই যে , এই চিত্ৰখন বিক্ৰী কৰি পোৱা ধন তেওঁ COVID-19 ৰোধ কৰিবৰ বাবে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ আগবঢ়াব । সেয়ে চিত্ৰখন এক উচিত মূল্য দি ক্ৰয় কৰিবলৈ অসমবাসীক অনুৰোধ জনাইছে চিত্ৰ শিল্পীগৰাকীয়ে ৷

লগতে পঢ়কঃকৰ'ণাৰ আতংকঃ হোজাইত পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ABOUT THE AUTHOR

...view details