যোৰহাট, 16 এপ্ৰিলঃশিৱসাগৰ জিলাৰ গেলেকীৰ পৰা খোজ কাঢ়ি আহি বুধবাৰে নিশা যোৰহাটত উপস্থিত হয় ১৯ জন শ্ৰমিক ৷ ইয়াকে লৈ সম্প্ৰতি যোৰহাটত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আটাইকেইজনেই গেলেকীৰ শিঙি পাহাৰত থকা শিলৰ কুৱেৰিত কৰ্মৰত হৈ আছিল ৷ মঙলবাৰে পুৱাই শ্ৰমিককেইজনে গেলেকীৰ পৰা আৰম্ভ কৰিছিল যাত্ৰা ৷ অতি দুৰ্গম অঞ্চল হোৱা বাবে খাদ্য সংকটত ভুগিছিল শ্ৰমিক কেইজন ৷ যাৰ ফলত নিজ গৃহলৈ যাবলৈ খোজ কাঢ়িয়ে আহে শ্ৰমিক কেইজনে ৷
কৰ’ণা সন্ত্ৰাসঃ গেলেকীৰ পৰা খোজ কাঢ়ি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক - 19 workers landed jorhat due to hunger
বুধবাৰে নিশা যোৰহাটত উপস্থিত হয় ১৯ জন শ্ৰমিক ৷ ইয়াকে লৈ সম্প্ৰতি যোৰহাটত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ আটাইকেইজনেই গেলেকীৰ শিঙি পাহাৰত থকা শিলৰ কুৱাৰিত কৰ্মৰত হৈ আছিল ৷

কৰ’ণা সন্ত্ৰাসঃ খাদ্য সংকটত ভুগি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক
কৰ’ণা সন্ত্ৰাসঃ খাদ্য সংকটত ভুগি যোৰহাটত উপস্থিত ১৯ জন শ্ৰমিক
উল্লেখ্য যে,গোলাঘাট জিলাৰ সৰু পথাৰ,উৰিয়ামঘাট,মেৰাপানীৰ লগতে কাৰ্বি আংলঙৰ শ্ৰমিক কেইজনক বৰ্তমান যোৰহাটৰ মাৰোৱাৰী চেৰিটেবল ট্ৰাষ্টত ৰখা হৈছে ৷ ইতিমধ্যে আটাইকেইগৰাকী শ্ৰমিকৰে স্বাস্থ্য পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ পিছতে 18 দিনৰ বাবে হোম কোৱাৰেন্টাইনত ৰখা হ’ব শ্ৰমিক কেইজনক ৷
লগতে পঢ়ক-মাজুলী,গাোলাঘাট,জনীয়াকে ধৰি বিভিন্ন প্ৰান্তত ধুমুহাৰ সংহাৰ