গোলাঘাট ,26 নৱেম্বৰ: কাজিৰঙাত কংগনা ৰাণাৱটৰ নতুন ছবি ’ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণৰ সময়ত বিতৰ্কৰ সূত্ৰপাত (Controversy in Emergency movie shooting)। বিভাগীয় অনুমতি নোলোৱাকৈ কাজিৰঙাত কংগনাৰ ছবিৰ দৃশ্যগ্ৰহণ চলাৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ কাজিৰঙাৰ অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীৰ(Kangkana Ranaut Emergency movie) ।
উল্লেখ্য যে, অসম পৰ্যটন বিভাগৰ অধীনত কাজিৰঙাৰ বনশ্ৰী পৰ্যটন অতিথিশালাত কোনো অনুমতি নোহোৱাকৈ ’ইমাৰজেন্সী’ৰ ছবিখনৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগ তুলিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে । ছবিখনৰ দৃশ্যগ্ৰহণৰ সৈতে জড়িত স্থানীয় এগৰাকী লোক সমস্ত ঘটনাৰ সৈতে জড়িত হোৱাৰ অভিযোগ তুলিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে(Kangkana Ranaut in Assam) ।
স্বপন তামুলী নামৰ স্থানীয় ব্যক্তিজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে । উল্লেখ্য যে, চৰকাৰী অতিথিশালাটোত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবদ কোনো প্ৰয়োজনীয় অনুমতি লোৱাৰ পৰিৱৰ্তে মাত্ৰ দুখনমান ফটো লোৱাৰ বাবেহে পৰ্যটন বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছিল স্বপন তামুলী নামৰ স্থানীয় ব্যক্তিজনে(Assam tourism department) । কিন্তু পৰৱৰ্তী সময়ত দুখনমান ফটো তোলাৰ বিপৰীতে কংগনাৰ নতুন ছবি ’ইমাৰজেন্সী’ৰ দৃশ্যগ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত কৰিছে অসম পৰ্যটন বিভাগৰ কৰ্মচাৰীয়ে(Controversy in Kangkana Ranaut Emergency movie shooting) ।