অসম

assam

ETV Bharat / state

গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ, প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতী কছাৰী সহিতে শতাধিক কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত গোলাঘাট জিলা কংগ্ৰেছৰ ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতী কছাৰী সহিতে শতাধিক কংগ্ৰেছ কৰ্মীৰ ৷

CONGRESS PROTEST AGAINST CAA
গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Dec 19, 2019, 8:16 PM IST

গোলাঘাট,19 ডিচেম্বৰ:ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত গোলাঘাট জিলা কংগ্ৰেছৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়িকা অজন্তা নেওগ,প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ,দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা আৰতি কছাৰীসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৷

গোলাঘাটত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ মূৰ্দাবাদ,নৰেন্দ্ৰ মোডী গ'বেক,সৰ্বানন্দ সোণোৱাল গ' বেক,কা আমি নামানো আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে চলি থকা আইনী যুজঁত চৰকাৰক পৰাজিত কৰিব বুলি মন্তব্য কৰে বিধায়িকা অজন্তা নেওগে ৷

লগতে পঢ়কঃএককালীন সাহায্য সন্দৰ্ভত শিল্পীসমাজৰ মন্তব্য

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details