অসম

assam

ETV Bharat / state

পবিত্ৰ ভাদ মাহত কিয় আঠখেলীয়া নামঘৰলৈ কিয় আহিবলগীয়া হ’ল আৰক্ষী-চি আৰ পি এফ - Tense situation at Athkheliya Namghar

পুনৰ আৰম্ভ হ’ল আঠখেলীয়া নামঘৰৰ ক্ষমতাকেন্দ্ৰিক যুঁজ (Athkheliya Namghar Conflict)৷ যাৰ বাবে শুকুৰবাৰে ঐতিহ্যমণ্ডিত নামঘৰটোত মোতায়েন কৰা হ’ল বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ৷ উপস্থিত অতিৰিক্ত উপায়ুক্ত, এজন দণ্ডধীশ আৰু উপ-আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

Athkheliya Namghar Conflict
আঠখেলীয়া নামঘৰত আৰক্ষী আৰু চিআৰপিএফৰ বাহিনী !

By

Published : Sep 9, 2022, 10:28 PM IST

তিতাবৰ, 9 ছেপ্টেম্বৰ: পুনৰ ক্ষমতাকেন্দ্ৰিক সংঘাতত জৰ্জৰিত গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতি (Athkheliya Namghar Conflict)। পৰিচালনা সমিতিৰ বিষয়বাবৰ খোৱা-কামোৰা বিতৰ্কই যেন লগ নেৰা হৈছে আঠখেলীয়া নামঘৰক । ২০১৬ চনৰ দৰে নামঘৰৰ মজিয়াৰ ৰক্তাক্ত পৰিস্থিতিৰ পুনৰাবৃত্তি হ’ব নেকি তাক লৈ আংশকাত ভুগিছে সকলোৱে ।

পুনৰ পূৰ্বৰ পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিৰ মাজত ক্ষমতাৰ খঁকক লৈ সৃষ্টি হৈছে অৰিয়া-অৰি ৷ উল্লেখ্য যে, বৰ্তমানৰ কৰ্ণধাৰ সমিতিখনে অবৈধভাৱে নামঘৰৰ কামকাজ চলাই থকা অভিযোগ তুলি পূৰ্বৰ পৰিচালনা সমিতি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা 1 আগষ্টত নামঘৰ পৰিচালনা সমিতিৰ সপক্ষে ৰায় প্ৰদান কৰি ৬ সপ্তাহৰ ভিতৰত সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল (Gauhati High court on Athkheliya Namghar) ৷

18 আগষ্টত গোলাঘাটৰ উপায়ুক্তৰ লগত আলোচনা কৰি ৰাইজক নিমন্ত্ৰণ কৰিছিল যদিও সভাৰ আগদিনা অৰ্থাৎ 17 আগষ্টৰ নিশা 11 বজাত তদানীন্তন গোলাঘাট জিলা উপায়ুক্তই এক জাননীৰ জৰিয়তে সভাখন স্থগিত ৰখাৰ নিৰ্দেশ দিছিল ৷ উপায়ন্তৰ হৈ পুনৰ আদালতৰ ৰায় বিচাৰি আবেদন কৰাত যোৱা 31 আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পূৰ্বে নিৰ্দ্ধাৰিত তাৰিখৰ ভিতৰত সভা আহ্বান কৰিবলৈ পূৰ্বৰ পৰিচালনা সমিতিৰ বিষয়ববীয়ালৈ নিৰ্দেশ প্ৰেৰণ কৰাত শুকুৰবাৰে আঠখেলীয়া নামঘৰৰ নিৰ্মীয়মান ৰাজহুৱা ভৱনত এখন সাধাৰণ অনুস্থিত কৰে ৷

আঠখেলীয়া নামঘৰত আৰক্ষী আৰু চিআৰপিএফৰ বাহিনী !

ইফালে বৰ্তমান কাৰ্যনিৰ্বাহ কৰি থকা কৰ্ণধাৰ সমিতিয়ে পূৰ্বৰ পৰিচালনা সমিতিৰ বিৰুদ্ধেহে বিভিন্ন অভিযোগ উত্থাপন কৰে । ভাদ মাহত পৰিৱেশ বিঘ্নিত কৰা লক্ষ্য আৰু ৬৫ লাখ টকাৰ হিচাপ দাখিল নকৰা অভিযোগ উত্থাপন কৰিলে পূৰ্বৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে ৷ আনহাতে ৰাইজৰ লগত আলোচনা নকৰাকৈ উচ্চ ন্যায়ালয়ত গোচৰ দি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি পূৰ্বৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ তোলে বৰ্তমানৰ কৰ্ণধাৰ সমিতিয়ে ।

উল্লেখ্য যে 2016ৰ 4 অক্টোবৰত পৰিচালনা সমিতিক কেন্দ্ৰ কৰি এই দুয়োপক্ষৰ মাজতে আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল (Tense situation at Athkheliya Namghar)। এতিয়া পুনৰ সেই পৰিৱেশ যাতে নহয় তাৰ বাবে প্ৰশাসনে চোকা দৃষ্টি ৰাখি নামঘৰৰ চৌহদত বৃহৎ সংখ্যক আৰক্ষী আৰু চিআৰপিএফৰ বাহিনী মোতায়ন কৰাৰ লগতে দুজন অতিৰিক্ত উপায়ুক্ত, এজন দণ্ডধীশ আৰু উপ-আৰক্ষী অধীক্ষক উপস্থিত থাকে ।

প্ৰশাসনৰ সহায়ত পূৰ্বৰ পৰিচালনা সমিতিয়ে খেলৰ একাংশ ৰাইজৰ উপস্থিত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি পূৰ্বৰ সভাপতি খগেন্দ্ৰ নাথ হাজৰিকাক পুনৰবাৰ সভাপতি আৰু চক্ৰেন শইকীয়াক সম্পাদক হিচাবে লৈ এখন ৩১ জনীয়া পৰিচালনা সমিতি গঠন কৰি নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি সেৱা কৰে । ইফালে বৰ্তমান সাংবিধানিকভাৱে গঠিত হৈ নামঘৰ পৰিচালনা কৰি থাকি কৰ্ণধাৰ সমিতিয়ে পূৰ্বৰ বহিস্কৃত সমিতিয়ে শুকুৰবাৰে গঠন কৰা পৰিচালনা সমিতিখন অবৈধ ঘোষণা কৰাৰ লগতে তেওঁলোকক নামঘৰৰ খেলৰ পৰা বহিস্কাৰ কৰা হ'ব বুলি ঘোষণা কৰি ১০ ছেপ্তেম্বৰত এক সংবাদ মেল আয়োজন কৰিছে ।

সম্প্ৰতি অসমৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় অনুষ্ঠানটোৰ ভিতৰ চৰাক লৈ সৃষ্টি হোৱা বিৰ্তক তথা সংঘাতৰ অৱসান হোৱাটো কামনা কৰিছে ৰাইজ তথা ধৰ্মপৰায়ণ ব্যক্তিসকলে ।

লগতে পঢ়ক:মাদ্ৰাছা ভঙাসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ হুংকাৰ আজমলৰ

ABOUT THE AUTHOR

...view details