অসম

assam

ETV Bharat / state

দুৰ্নীতিত পোত যোৱাৰ বিৰুদ্ধে অভিযোগ পুলিবৰ পঞ্চায়তত

গোলাঘাটৰ পুলিবৰ পঞ্চায়ততো দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পঞ্চায়তৰ অধীনস্থ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু জবকাৰ্ডত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে একাংশ বিজেপি কৰ্মীয়ে ৷

By

Published : Sep 11, 2020, 7:48 PM IST

Complaint against corruption in Poolibar Panchayat golaghat assam etv bharat news
পুলিবৰ পঞ্চায়ত

গোলাঘাট,11 ছেপ্তেম্বৰ:দুৰ্নীতিত যেন পোত গৈছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্য চৰকাৰৰ এটাৰ পিছত এটা বিভাগত সংঘটিত দুৰ্নীতিয়ে পৰিৱৰ্তনকামী চৰকাৰৰ ব্যৰ্থতাক প্ৰতিফলিত কৰিছে ৷ গোলাঘাটৰ পুলিবৰ পঞ্চায়ততো দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ পঞ্চায়তৰ অধীনস্থ প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু জবকাৰ্ডত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজৰ লগতে একাংশ বিজেপি কৰ্মীয়ে ৷

পুলিবৰ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

পঞ্চায়তখনৰ বিষয়ববীয়াৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দৰ্ভত পুলিবৰ পঞ্চায়তত এক ৰাজহুৱা সভাৰো আহ্বান কৰা হৈছিল ৷ ৰাইজৰ সহযোগত অনুষ্ঠিত উক্ত সভাত পঞ্চায়তৰ সভাপতি, সচিব, ৱাৰ্ড মেম্বাৰ আৰু কম্পিউটাৰ সহায়কে দুৰ্নীতি কৰাৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ৷ তদুপৰি পঞ্চায়তৰ আঁচনিসমূহৰ অধীনৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি মইমতালিৰে অন্য একাংশ লোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে ৷ আনৰ নামত আৱণ্টিত জবকাৰ্ডৰ বিপৰীতে পঞ্চায়ত কৰ্মীৰ আত্মীয়ৰ নামত বেংক একাউণ্ট নম্বৰ দি দৰিদ্ৰ শ্ৰেণীৰ লোকৰ ধন আত্মসাৎ কৰি আহিছে ৷ পঞ্চায়তখনৰ অধীনৰ বগৰীজেং, পুলিবৰ, কাবৰুগাঁও আদিতো একেই অৱস্থা দেখা গৈছে ৷ এনেদৰে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত ৰাইজে পঞ্চায়তখনৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওকঃকৰ’ণা সংক্ৰমণৰ মাজতে পালন চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ABOUT THE AUTHOR

...view details