অসম

assam

ETV Bharat / state

গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত কণ্টেইনমেণ্ট জ'ন হিচাপে থাকিব গোলাঘাট চ'ক বজাৰ । আনহাতে, গোলাঘাটত নতুনকৈ চাৰিটা স্থানক নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে প্ৰশাসনে ।

Community spread of Coronavirus in Golaghat
গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

By

Published : Jun 26, 2020, 10:03 AM IST

গোলাঘাট, 26 জুন: গুৱাহাটী মহানগৰৰ পাছতে এইবাৰ গোলাঘাটত আৰম্ভ হৈছে ক'ৰণাৰ গণ সংক্ৰমণ । কনটেইমেন্ট জ'ন হিচাপে ঘোষণা কৰা হ'ল গোলাঘাট নগৰৰ চ'ক বজাৰ । গোলাঘাট নগৰৰ চ'ক বজাৰৰ এখন কাপোৰৰ দোকানত কাম কৰা এজন কৰ্মচাৰীৰ দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰাৰ পৰাৰ পাছতেই সমগ্ৰ নগৰ খনলৈ আহিছে ভাবুকি । কৰ্মচাৰীজনৰ নাছিল কোনো ভ্ৰমণৰ ইতিবৃত্ত ৷

গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

চ'ক বজাৰৰ সকলো ব্যৱসায়ীৰ ক'ভিড 19 নমুনা সংগ্ৰহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত কণ্টেইনমেণ্ট জ'ন হিচাপে থাকিব গোলাঘাট চ'ক বজাৰ । আনহাতে গোলাঘাটত নতুনকৈ চাৰিটা স্থানক নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিলে প্ৰশাসনে । গোলাঘাট লাইফ লাইন চিকিৎসালয়, চন্দন নগৰৰ আংশিক এলেকা, চান্দমাৰী কৱৰস্থান সমীপৰ মুছিদা বেগমৰ বাসগৃহ আৰু চান্দমাৰী অঞ্চলৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয় অধ্যক্ষ জগত শইকীয়া বাসগৃহটো সাময়িকভাবে নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰে প্ৰশাসনে । গোলাঘাটত এই পৰ্যন্ত ছটা স্থানক নিষিদ্ধ অঞ্চল আৰু এটা স্থানক কনটেইমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে গোলাঘাট প্ৰশাসনে ।

গোলাঘাটত আৰম্ভ ক'ৰণাৰ গণ সংক্ৰমণ

লগতে পঢ়ক : মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ

ABOUT THE AUTHOR

...view details