অসম

assam

ETV Bharat / state

ক’ভিড আক্ৰান্তৰ মাজলৈ "দৌৰ"...

দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন "দৌৰে" প্ৰতিশ্ৰুতি ৰক্ষা কৰি ক'ভিড আক্ৰান্ত ৰোগীক প্ৰদান কৰিলে এসাঁজ আহাৰ ৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনা গছপুলি ৰোপণ কৰি সংস্থাটোলৈ ফটো প্ৰেৰণ কৰা প্ৰতিগৰাকীৰ নামত দিয়া হ’ল এই আহাৰ ৷

দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন 'দৌৰ'ৰ প্ৰশংসনীয় পদক্ষেপ
দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন 'দৌৰ'ৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jun 7, 2021, 2:24 PM IST

দেৰগাঁও,7 জুন:দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন "দৌৰ"ৰ প্ৰশংসনীয় পদক্ষেপ ৷ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ক'ভিড আক্ৰান্তক প্ৰদান কৰিলে খাদ্য ৷

উল্লেখ্য যে, দেৰগাঁৱৰ স্বেচ্ছাসেৱী সংগঠন "দৌৰে" কিছুদিন পূৰ্বে সামাজিক মাধ্যমযোগে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাইজৰ প্ৰতি এক আহ্বান জনাইছিল ৷ সংস্থাটোৱে সকলোকে এটাকৈ হ'লেও গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছিল । এইক্ষেত্ৰত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে, যিসকল লোকে 'দৌৰ'ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্ব পৰিৱেশ দিৱসৰ দিনা এটাকৈ গছপুলি ৰোপণ কৰি তাৰ ফটোগ্ৰাফ "দৌৰ" বিষয়ববীয়ালৈ প্ৰেৰণ কৰিব ৷ তাৰ বিনিময়ত তেওঁলোকৰ নামত কভিড আক্ৰান্ত ৰোগীলৈ এসাঁজ আহাৰ আগবঢ়োৱা হ'ব ।

সেই অনুসৰিয়ে ৰাইজে দৌৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গছপুলি ৰুই প্ৰেৰণ কৰিছিল ফটো ৷ ইপিনে, সংস্থাটোৱে ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি দেৰগাঁও নেঘেৰিটিং ক'ভিড কেয়াৰ চেণ্টাৰত থকা চাহ শ্ৰমিক ক'ভিড ৰোগীসকলক এদিনৰ এসাঁজ আহাৰ যোগান ধৰে ৷

অন্য এক খবৰৰ বাবে: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

...view details