অসম

assam

ETV Bharat / state

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজলৈ কি পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ?

সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তৰ ১ লাখ 50 হাজাৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ (Reliance Industries)লৈ টাৱাৰ নিৰ্মাণৰ বাবে পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ । নিৰ্বাচনৰ সময়ত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে দিছিল প্ৰতিশ্ৰুতি ৷

cm write a letter to reliance industry
ৰিলায়েন্স ইণ্ডাষ্টিলৈ কি পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ?

By

Published : Jun 8, 2021, 10:40 PM IST

সৰুপথাৰ, 8 জুন : গোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তত বসবাস কৰা প্ৰায় ডেৰ লাখ জনসাধাৰণৰ সুবিধাৰ্থে টাৱাৰ নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই প্ৰেৰণ কৰিলে পত্ৰ ৷

ৰিলায়েন্স ইণ্ডাষ্টিলৈ কি পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ?

মঙলবাৰে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন (Biswajit Phukan)ৰ তৎপৰতাত ৭ টা মোবাইল টাৱাৰ নিৰ্মাণ কৰিবৰ বাবে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries)ৰ অধ্যক্ষলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । উল্লেখ্য যে,সীমান্ত অঞ্চলৰ ৰাইজে মোবাইল নেটৱৰ্কৰ অসুবিধাত আজিকোপতি ভূগি আছে বুলি জানিব পৰা গৈছে ।

ৰিলায়েন্স ইণ্ডাষ্টিলৈ কি পত্ৰ লিখিলে মুখ্যমন্ত্ৰীয়ে ?

এই সমস্যা সমূহ দূৰ কৰাৰ কথা নিৰ্বাচনৰ সময়ত স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে (Biswajit Phukan) প্ৰতিশ্ৰুতি দিছিল ৷ ৰাইজৰ এই অসুবিধাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পিছত মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries) অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰে ।

চিঠিখনত অসম-নগালেণ্ড সীমান্তৰ ঘোলাপানী, লতাপুৰ বা ধনপুৰ, তৰানীপথাৰ, পানীজান, মুগাৰাপাৰা, পূৱ-ধনতুলা আৰু পদুমপুখুৰী অঞ্চলত মোবাইল টাৱাৰ সমুহ বহুৱালে সীমান্ত প্ৰায় ১:৫০ লাখ জনসাধাৰন উপকৃত হ'ব বুলিও পত্ৰ খনত উল্লেখ কৰে ।

লগতে পঢ়ক :অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতিত বন বিভাগ

ABOUT THE AUTHOR

...view details