অসম

assam

ETV Bharat / state

কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

অগৰাতলী ৰেঞ্জ হৈ উদ্যান পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পৰ্কত বিষয়াসকলৰ লগত বিষদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ভ্ৰমণকালত বানৰ সময়ত জীৱ-জন্তুসমূহ থাকিবলৈ উদ্যানত নিৰ্মাণ কৰা হাইলেণ্ডো তেওঁ পৰ্যবেক্ষণ কৰে ৷

By

Published : May 12, 2019, 3:08 PM IST

কাজিৰঙাত মুখ্যমন্ত্ৰী সোণোৱালৰ বান পৰিস্থিতিৰ মুকাবিলা পৰিদৰ্শন

বোকাখাত , 12 মে':দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে ৷ সমাগত বাৰিষাত সম্ভাব্য বানৰ সময়ত জীৱ-জন্তুৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা সম্পৰ্কে বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

অগৰাতলী ৰেঞ্জ হৈ উদ্যান পৰিদৰ্শন কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ আন্তঃগাঁথনি সম্পৰ্কত বিষয়াসকলৰ লগত বিষদভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে ভ্ৰমণকালত বানৰ সময়ত জীৱ-জন্তুসমূহ থাকিবলৈ উদ্যানত নিৰ্মাণ কৰা হাইলেণ্ডো তেওঁ পৰ্যবেক্ষণ কৰে ৷ তদুপৰি পযটকৰ সুবিধাৰ্থে কাজিৰঙা সংযোগী পথ নিৰ্মাণ আৰু ৰিৰ্জ'টৰ সুব্যৱস্থাৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ৷

কাজিৰঙাত মুখ্যমন্ত্ৰী সোণোৱালৰ বান পৰিস্থিতিৰ মুকাবিলা পৰিদৰ্শন

ইপিনে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ শোচনীয় অৱস্থাৰ সন্দৰ্ভত সোণোৱালে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথসমূহ শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ আৰু আঞ্চলিক বন বিষয়া ৰোহিণী শইকীয়াই এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰী সোণোৱালক সংগ দিয়ে ৷ উল্লেখ্য যে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰীগৰাকী কাজিৰঙাত উপস্থিত হোৱাৰ কথা আছিল যদিও সময়ৰ নাটনি হোৱাৰ বাবে দেওবাৰে পুৱা তেওঁ উপস্থিত হয়হি ৷

ABOUT THE AUTHOR

...view details