গোলাঘাট,৯ ডিচেম্বৰ:গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আজি অনুষ্ঠিত ১৪খন আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিয়েই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ৰহঢলা পথাৰত দাৱনিৰ লগত ৰবাব টেঙা আৰু বৰালী মাছৰ জুতি লোৱাৰ পাছত উপস্থিত হয় গোলাঘাটৰ ঐতিহাসিক হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ত(CM conversation with college students) ।
মহাবিদ্যালয়ত ছাত্ৰীৰ সৈতে অন্তৰঙ্গ আলাপৰ প্ৰথমতে এক ভাষণ প্ৰসঙ্গত সনাতন ধৰ্মত নাৰীক উচ্চ স্থান দিয়া কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে । ছাত্ৰীসকলৰ সন্মুখত নাৰীৰ উচ্চ শিক্ষাৰ ওপৰত বিভিন্ন গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । ছাত্ৰক ফেৰ মাৰি ছাত্ৰী আগবাঢ়ি যোৱাটো এটা গৌৰৱৰ বিষয় বুলি কয় ড৹ শৰ্মাই । নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা অমৃতকালৰ অমৃত সন্তান আজিৰ শিক্ষাৰ্থীসকল বুলি তেওঁ উল্লেখ কৰে ।