গোলাঘাট, ১ এপ্ৰিল: আজি কলিয়াবৰ লোকসভা সমষ্টিৰবিজেপি, অগপ, বিপিএফ, গণ শক্তি আৰু তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ গোলাঘাটৰ মৰঙিপোৰাবাংলা খেলপথাৰতনিৰ্বাচনী প্ৰচাৰ চলায় কেইবাজনো হেভিৱেট বিজেপিনেতাই । এই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে বিধায়িকা আঙুৰলতা ডেকা, অতুল বৰা, অমিয় বৰা আৰু প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা । নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত তীব্ৰ ভাষাৰে সমালোচনা কৰে বিৰোধী দল কংগ্ৰেছক। আজি ১৯৫২ চনৰ পৰা অৰ্থাৎ বিগত ৫৫ বছৰে ভাৰতীয় জনতাই কংগ্ৰেছ দলৰ ওপৰত দৃঢ় বিশ্বাস ৰাখিলে। কিন্তু সেই বিশ্বাস ধৰি ৰখাত সম্পূৰ্ণ ৰূপে ব্যৰ্থহ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দলে সাধাৰণ জনতাক যি প্ৰতিশ্ৰুতি দিছিল তাৰ ৯০ শতাংশই ইতিমধ্যে দলটোৱে পাহৰি পেলালে বুলি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। উন্নয়নৰ নামত অসমৰ সাধাৰণ জনতাক কংগ্ৰেছমাথো প্ৰতাৰণা কৰি আহিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মৰঙিত মণিৰ হৈ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ - লোকসভা নিৰ্বাচন
কলিয়াবৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গোলাঘাট জিলাৰ মৰঙিত অনুষ্ঠিত এই নিৰ্বাচনী সভাত বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ৷
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ হৈ সৰ্বানন্দ সোণোৱালে বিজেপি চৰকাৰৰ দিনত হোৱা ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে নিৰ্বাচনী সভাত। কংগ্ৰেছৰ শাসনকালত নুমলীগড় শোধনাগাৰত যি খাৰুৱা তেলৰ অভাৱ হৈছিল, সেই সংকটত পৰাপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫০০ কোটি টকা প্ৰদান কৰি শোধনাগাৰটোৰ উৎপাদন শক্তিৰ বৃদ্ধিৰ ব্যৱস্থা কৰে। যি কংগ্ৰেছ দলে নিজৰ ৫৫ বছৰীয়া শাসনকালত মাত্ৰ ৬ খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে বিজেপিয়ে কেৱল ২ বছৰ ১০ মহীয়া কাৰ্যকালতে ৬ খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কাম হাতত লোৱাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ উপৰিও অসমীয়াৰ সন্মান গামোচাক চোনীয়া গান্ধীয়ে বিমানবন্দৰত পেলাই থৈ যোৱাৰ বিপৰীতে নৰেন্দ্ৰ মোডীয়ে সেই গামোচাক বিশ্ব দৰবাৰত জিলিকাই তুলা কাৰ্যক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
সাংবাদিকৰ লগত হোৱা কথোপকথনত কংগ্ৰেছ আৰু এআইইউডিএফক এটা মূদ্ৰাৰে ইপিঠি-সিপিঠি আখ্যা দি 'Who is Ajmal' এতিয়া তৰুণ গগৈৰ আপোন পৰিলবুলিও প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক কটাক্ষ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে এআইইউডিএফ জন্মলগ্নৰে পৰা অবৈধ বাংলাদেশীৰ পক্ষত ঠিয় দিছে আৰু কংগ্ৰেছে তেনে দলৰ লগত গোপন মিত্ৰতা কৰি ইতিমধ্যে ধৰাষায়ীহোৱা বুলিও কংগ্ৰেছক কটু বাক্য বানেৰে সমালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। অৱশেষত আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত ১২ খন আসন লাভ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।