অসম

assam

ETV Bharat / state

পুষ্টিহীনতাত ভোগা শিশুক চৰকাৰে যোগান ধৰিব চকলেট - পুষ্টিহীনতাত ভোগা শিশুৰ বাবে চকলেট

পুষ্টিহীনতাত ভোগা শিশুক পুষ্টি যোগানৰ বাবে বিশেষ চকলেট যোগান ধৰিব চৰকাৰে ৷ গোলাঘাট সমন্বয় ক্ষেত্ৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য মন্ত্ৰী অজন্তা নেওগৰ ৷ সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী PWDৰ অভিযন্ত্ৰাৰ দৰে হ’লে নহ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

closing ceremony of state poshan month at golaghat
গোলাঘাটত ৰাজ্যিক পোষণ মাহৰ সামৰণি অনুষ্ঠান

By

Published : Oct 3, 2021, 1:59 PM IST

গোলাঘাট, 3 অক্টোবৰ :এগৰাকী মাতৃ সুৰক্ষিত হ’লেহে এখন দেশ সুৰক্ষিত হ'ব । অসমত শিশু আৰু মহিলাসকল সু-স্বাস্থ্যৱান নহ’লে অসম আগবাঢ়ি যাব নোৱাৰিব । গোলাঘাট সমন্বয় ক্ষেত্ৰত ৰাজ্যিক পোষণ মাহৰ আনুষ্ঠানিক সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে ।

গোলাঘাট সমন্বয় ক্ষেত্ৰত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰেৰে আয়োজন কৰা হয় ৰাজ্যিক পোষণ মাহৰ বৰ্ণাঢ্য কাৰ্যসূচী । অনুষ্ঠানত পুষ্টিহীনতাৰ পৰা কেনেকৈ হাত সাৰি থাকিব পাৰি তাৰবাবে পুতলা নাচ আৰু পুতলা নাটৰ জৰিয়তে উপস্থিত লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে সমাজ কল্যাণ বিভাগে ।

গোলাঘাটত ৰাজ্যিক পোষণ মাহৰ সামৰণি অনুষ্ঠান

অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী অজন্তা নেওগে ভাষণ প্ৰসংগত কয় যে, মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাচতেই সমগ্ৰ অসমত পোষণ মাহ উপলক্ষে জনজাগৰণ যাত্ৰা আৰম্ভ হৈছে । পুষ্টিহীনতাত ভোগা শিশুৰ বাবে পুষ্টিৰে ভৰা বিশেষ চকলেট প্ৰদান কৰাৰ বাবে পদক্ষেপ লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ যি চকলেটে পুষ্টিহীনতাত ভোগা শিশুক পুষ্টি যোগান ধৰিব । সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল লোক নিৰ্মাণ বিভাগৰ অভিযন্ত্ৰাৰ দৰে হ’লে নহ’ব সংবেদনশীল হৃদয়ৰ হ'ব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি

ABOUT THE AUTHOR

...view details