গোলাঘাট, 25 জুলাই : গোলাঘাটত সোমবাৰে সংঘটিত হোৱা চাঞ্চল্যকৰ ট্ৰিপল মাৰ্ডাৰৰ হত্যাকাৰীৰ ফাঁচীৰ দাবীত নিশাৰ ভাগত উত্তাল হৈ পৰে গোলাঘাট ৷ ইতিমধ্যে হত্যাকাণ্ডটোৰ তদন্তৰ দ্বায়িত্ব CID ক প্ৰদান কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । লগতে CID ৰ এটা তদন্তকাৰী দল গুৱাহাটীৰ পৰা গোলাঘাটত আহি উপস্থিত হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে ৷ ফৰেনচিকৰ এটা দল আৰু ডগ স্কোৱাডক লৈ ঘটনাৰ তদন্ত চলোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ।
পাৰিবাৰিক কন্দলৰ পৰিণতিত এই হত্যাকাণ্ডটো সংঘটিত হৈছে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈনে ৷ আনহাতে এই ঘটনাৰ সৈতে জড়িত তথা ইতিমধ্যে আত্মসৰ্মপণ কৰা নাজিবুৰৰ ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ৷ লগতে, গোলাঘাট সদৰ থানা ঘেৰাও কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, গোলাঘাটৰ হিন্দী স্কুল ৰোডত তথা নগৰৰ মাজমজিয়াত সোমবাৰে আবেলি ভাগত সংঘটিত হৈছিল এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো । একেটা পৰিয়ালৰে 3 গৰাকী সদস্যক নৃশংসভাৱে হত্যা কৰাৰ কথা নিজমুখে আৰক্ষীৰ আগত স্বীকাৰ কৰে নাজিবুৰ ৰহমানে । ঘৰৰ মজিয়াত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষৰ মৃতদেহ ।