অসম

assam

ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শেহতীয়াকৈ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱা বিষয়ক লৈ দেওবাৰে সৰুপথাৰত ক্ষোভ প্ৰকাশ কৰিলে চুতীয়া ছাত্ৰ সন্থাই ৷

চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

By

Published : Sep 6, 2020, 3:03 PM IST

সৰুপথাৰ, 6 ছেপ্তেম্বৰ:দেওবাৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চন্দন ব্ৰহ্মৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ জনজাতিকৰণৰ দাবীৰে ছাত্ৰ সংগঠনটোৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চৰকাৰে ৰাজনীতি কৰিবলৈ লৈছে ৷ নিৰ্বাচনৰ আগতহে এই বিষয়টো তেওঁলোকে আগলৈ লৈ আনে আৰু তাৰ পাচত ভেকোভাওনা কৰিবলৈ আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন কৰে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে ৷

জনজাতিকৰণৰ দাবীৰে সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শেহতীয়াকৈ বিধানসভাৰ গ্ৰীষ্মকালীন অধিৱেশনত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহীত হোৱা বিষয়ক লৈয়ো ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰী সকলে ৷ জনজাতিকৰণৰ নামত চৰকাৰক ৰাজনীতি কৰিবলৈ বন্ধ কৰক, অন্যথা আগন্তুক দিনত সংগঠনটোৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক:গোলাঘাটত জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details