অসম

assam

ETV Bharat / state

প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ - মটৰ শ্ৰমিক ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী

গোলাঘাটত সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ ধৰ্ণা কাৰ্যসূচী। গোলাঘাট ভি. আই.পি ৰোড স্থিত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় দুটা প্ৰশাসনে কৰা উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ ।

প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ
প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

By

Published : Apr 9, 2021, 7:21 PM IST

গোলাঘাট, 9 মাৰ্চ :শুক্ৰবাৰেগোলাঘাটত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা পৰিলক্ষিত হয় ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্থা আৰু মটৰ শ্ৰমিক ইউনিয়নৰ দ্বাৰা ৰূপায়ন কৰা হৈছিল এই কাৰ্যসূচী । গোলাঘাট চহৰৰ ভি.আই.পি ৰোডস্থিত চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় আৰু মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয় দুটা প্ৰশাসনে কৰা উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ ৷

প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

সংগঠন দুটাৰ যৌথ উদ্যোগত গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । গোলাঘাটৰ জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীৰ বিৰুদ্ধে সৰৱ সংগঠন দুটা । জিলা উপায়ুক্ত গৰাকীক সমালোচনা কৰি অতি শীঘ্ৰে কাৰ্যালয়ৰ বাবে ভূমি আৱণ্টন দিবলৈ দাবী জনায় । অন্যথা বিহুৰ পিছতে সংগঠন দুটাই গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে জিলাখনৰ সকলো কাম কাজ অচল কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে ।

প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে গোলাঘাটত প্ৰতিবাদ

লগতে পঢ়ক:বাক্সাত গড়ৰ আক্ৰমণত নিহত ফৰেষ্ট বেটেলিয়নৰ এজন জোৱান

ABOUT THE AUTHOR

...view details