গোলাঘাট, 4 এপ্ৰিলঃ চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ অতি শীঘ্ৰে মেৰামতি কৰাৰ দাবীত অৱস্থান ধৰ্মঘট ৷ গোলাঘাট কমাৰগাঁৱত বোকাখাট মহকুমা চুতীয়া ছাত্ৰ সন্থাই শনিবাৰে এইদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷
37 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ বৃহৎ গাঁত - ৰাষ্ট্ৰীয় ঘাইপথ
37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘটত বহিল বোকাখত মহকুমা চুতীয়া ছাত্ৰ সন্থাই ৷
![37 নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ বৃহৎ গাঁত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3187805-106-3187805-1556976308587.jpg)
প্ৰতিবাদ
প্ৰতিবাদী কাৰ্যসূচী
অতি শীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু চাৰিলেনযুক্ত পথৰ কাম দ্ৰুত গতিত নকৰিলে অনাগত সময়ত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷ আনহাতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ প্ৰদান কৰে ৷