সৰুপথাৰ, 28 নৱেম্বৰঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ অধিৱেশনৰ আৰম্ভণিতে বিৰোধীয়ে কেব আৰু এন আৰ চি সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি সংসদৰ মজিয়া ত্যাগ কৰা ঘটনা মাৰ নৌ যাঁওতেই অধিবেশনৰ প্ৰথম দিনাই দিছপুৰ লাষ্টগেটত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ৷
দিছপুৰ লাষ্টগেটত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - চুতীয়া জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্য্যাদা প্ৰদান কৰাৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদ
বিধানসভাৰ শীতকালীন অধিৱেশনৰ আৰম্ভণি দিনটোতে দিছপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ৷ চুতীয়া জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্য্যাদা প্ৰদান কৰাৰ দাবী সংগঠনটোৰ ৷
দিছপুৰ লাষ্টগেটত চুতীয়া ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
চুতীয়া জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্য্যাদা প্ৰদান কৰা, ৭ বহাগত সতী সাধনী দিৱসৰ দিনটো চৰকাৰী বন্ধ ঘোষণা কৰা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত দিছপুৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। এই দাবী সমুহ শীঘ্ৰে মানি নললে পৰিস্থিত আৰু ভয়াৱহ কৰি তোলাৰ শুংকাৰ প্ৰতিবাদকাৰীৰ ৷