যোৰহাট, ৪ আগষ্ট: গৰুৰ ছিণ্ডিকেট ৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশাসনক কঠোৰ হ'বলৈ আহ্বান জনোৱাৰ পাচতো যেন গা-লৰা নাই চোৰাং গৰু সৰবৰাহকাৰীৰ । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে গৰুৰ ছিণ্ডিকেট । গোলাঘাট জিলাতো চলি আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় ৷
জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু সৰবৰাহ কৰি নিতৌ ন ন কৌশলেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ সৰবৰাহ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখযোগ্য যে, ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ পিহেক' বস্তিলৈ অবৈধভাৱে চলি থকা গৰু চিণ্ডিকেটৰ বিৰুদ্ধে গৰজি উঠিছে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন ৷
বৰপথাৰ সাপ্তাহিক বজাৰৰ পৰা ক্ৰয় কৰাৰ ৰচিদ লৈ প্ৰায় ৪৮ টা গৰু সীমান্তৰ গেলাজানলৈ বুলি সৰবৰাহ কৰিবলৈ লওতেই চুতীয়া ছাত্ৰ সন্থাই ধৰি বৰপথাৰ আৰক্ষীক চমজাই দিয়ে ৷ উল্লেখযোগ্য যে, গেলাজানৰ পৰা কিছু নিলগতে আছে নাগালেণ্ডৰ পিহেক' বস্তিৰ অবৈধ বজাৰখন ৷ গৰু চিণ্ডিকেটৰ লগত জড়িত চক্ৰটোৱে বিক্ৰেতা হিচাপে একাংশ থলুৱা লোকক ব্যৱহাৰ কৰি দীৰ্ঘদিনৰ পৰা এই ব্যৱসায় চলাই থকাৰ অভিযোগ উঠিছে ৷