নিউজ ডেস্ক, 3 আগষ্টঃ ছেবাই "বৈচিত্ৰময় অসমৰ" নামৰ পাঠ্যক্ৰমত চুতীয়া জনগোষ্ঠীক অন্তৰ্ভুক্ত নকৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধনশিৰি মহকুমা সমিতিৰ ৷ যাৰ প্ৰতিবাদত সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিয়ে গোলাঘাট দক্ষিণ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ছেবাৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
"বৈচিত্ৰময় অসম" ত অন্তৰ্ভুক্ত ন'হল চুতীয়াৰ বুৰঞ্জী : ঠায়ে ঠায়ে প্ৰতিবাদ - assam news
যাৰ প্ৰতিবাদত সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ মহকুমা সমিতিয়ে গোলাঘাট দক্ষিণ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ছেবাৰ প্ৰতিলিপি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ

"বৈচিত্ৰময় অসম" ত অন্তৰ্ভুক্ত ন'হল চুতীয়াৰ বুৰঞ্জী
লগতে ছেবাৰ এই কাণ্ডত জাঙুৰ খাই উঠে চুতীয়া ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আঞ্চলিক সমিতি ৷ ফিল'বাৰী থানা চাৰিআলিত শনিবাৰে প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ফিল'বাৰী আঞ্চলিক সমিতি সদস্যসকলে ৷ আনহাতে, শীঘ্ৰে নৱম দশম শ্ৰেণীৰ পাঠ্যক্ৰমত চুতীয়া সকলৰ বুৰঞ্জী অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় সমিতিখনে ৷
"বৈচিত্ৰময় অসম" ত অন্তৰ্ভুক্ত ন'হল চুতীয়াৰ বুৰঞ্জী