গোলাঘাট, 14 নবেম্বৰ: আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ল অৰুণোদয় আঁচনি 2(Assam Orunodoi Scheme2) ৷ দিল্লীৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himant Biswa Sarma) ভাৰ্চুৱেলী শুভাৰম্ভ কৰে এই আঁচনিৰ ৷ উল্লেখ্য যে, অৰুণোদয় আঁচনিত 2 ত ঘটোৱা হৈছে ব্যাপক সংশোধনী ৷ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে বান্ধি দিয়া হৈছে কেতবোৰ নতুন নীতি-নিয়ম(Criteria of Orunodoi beneficiary) ৷ গোলাঘাটত এই কথা ঘোষণা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ(Minister Ajanta Neog) ৷
এতিয়াৰে পৰা হিতাধিকাৰীৰ তালিকাত নতুনকৈ সংযোগ হ’ব 10 লাখ 54 হাজাৰ পৰিয়াল ৷ আনহাতে, 20 লাখ হিতাধিকাৰীক লৈ ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আৰম্ভ কৰিছিল এই আঁচনি ৷ মৃত্যু বা বিভিন্ন কাৰণত কৰ্তন হৈছিল 2 লাখ 75 হাজাৰ হিতাধিকাৰীৰ নাম ৷ কিন্তু এতিয়াৰে পৰা বিধবা(Widow), বিবাহ বিচ্ছেদ হোৱা বা সুকীয়াকৈ থকা মহিলাৰ উপৰিও দান-বৰঙণি লৈ জীৱন নিৰ্বাহ কৰা মহিলা, দিব্যাংগ(Physically handicapped) আৰু তৃতীয় লিংগৰ(Transgender) লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷
জটিল ৰোগত আক্ৰান্ত ব্যক্তি থকা পৰিয়ালৰ ক্ষেত্ৰত এতিয়াৰে পৰা আঁচনিৰ ধন লাভ কৰিবলৈ কোনো বয়সৰ সীমা নাথাকে বুলিও ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ ৷ পকী ঘৰ নথকা পৰিয়াল, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৃদ্ধাশ্ৰমৰ পুৰুষেও এতিয়াৰে লাভ কৰিব এই আঁচনিৰ ধন ৷