গোলাঘাট,5এপ্ৰিলঃ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ শুকুৰবাৰে সৰুপথাৰত উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ পাটোৱাৰীয়ে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি বহুকেইখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে ৷ বিগত সময়ছোৱাত কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ লোকসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তই বিপুল ভোটত জয় লাভ কৰিব বুলি দাবী কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
মনিমাধৱ মহন্তৰ হৈ সৰুপথাৰত প্ৰচাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ - চন্দ্ৰমোহন পাটোৱাৰী
শুকুৰবাৰে সৰুপথাৰত উপস্থিত হৈ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্ত জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । সৰুপথাৰত বহুকেইখন ঠাইত নিৰ্বাচনী কাৰ্যালয় মুকলি মন্ত্ৰীগৰাকী ৷
![মনিমাধৱ মহন্তৰ হৈ সৰুপথাৰত প্ৰচাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2912415-thumbnail-3x2-nupurjpg.jpg)
নিৰ্বাচনী প্ৰচাৰত চন্দ্ৰমোহন পাটোৱাৰীৰ
নিৰ্বাচনী প্ৰচাৰত চন্দ্ৰমোহন পাটোৱাৰীৰ
আনহাতে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ কৰ্মচাৰীসকলে শীঘ্ৰে দৰমহা পাব বুলিও মন্তব্য কৰে পাটোৱাৰীয়ে ৷ ইপিনে অসম-নগালেণ্ড সীমান্তত অসমৰ ভূমিত নগাৰ আগ্ৰাসন অব্যাহত থকাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম-নগালেণ্ড সীমান্তৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হৈ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে |