গোলাঘাট,4 মে’ঃৰাজ্যত লক্ ডাউন শিথিল কৰাৰ পিছতো গোলাঘাটত সোমবাৰৰ দিনটোত বন্ধ থাকে সকলো দোকান-পোহাৰ । মঙলবাৰৰ পৰা জিলাখনত পৰ্যায়ক্ৰমে খোলা হ’ব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । ইতিমধ্যে গোলাঘাটত আৰম্ভ হৈছে সাধাৰণ জীৱন-যাপন ।
গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সিদ্ধান্ত চেম্বাৰ্চ অব কমাৰ্চৰ - চেম্বাৰ্চ অব কমাৰ্চ
ৰাজ্যত আংশিকভাৱে শিথিল লক্ ডাউন । তৃতীয় পৰ্যায়ৰ লক্ ডাউনৰ প্ৰথম দিনটোত গোলাঘাটত বন্ধ থাকে সকলো দোকান-পোহাৰ । জিলাখনত মঙলবাৰৰ পৰা পৰ্যায়ক্ৰমে খোলা হ’ব সকলো দোকান-পোহাৰ ।
লক্ ডাউন 3.0
সোমবাৰে এই প্ৰসংগত পৌৰসভাৰ সভাকক্ষত চেম্বাৰ্চ অৱ কমাৰ্চ আৰু একাংশ ব্যৱসায়ীৰ মাজত হোৱা এক আলোচনাৰ পিছত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সিদ্ধান্তমৰ্মে গোলাঘাট নগৰৰ 3,175 খন প্ৰতিষ্ঠানক A,B আৰু C নামে তিনিটা ভাগত বিভক্ত কৰা হৈছে । সেই অনুপাতে পৰ্যায়ক্ৰমে সপ্তাহত দুদিনকৈ খুলিব পাৰিব প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান । সামাজিক দূৰত্ব, চেনিটাইজেচনৰ ব্যৱস্থাৰ লগতে চৰকাৰীভাৱে প্ৰদান কৰা নিৰ্দেশ মানি খুলিব পাৰিব দোকান-পোহাৰসমূহ ।
লগতে চাওকঃপুনৰ মুকলি হ'ল শৰাইঘাটৰ পুৰণি দলং