গোলাঘাট,26 নৱেম্বৰ:গোলাঘাটৰ নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰিছে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ সদস্যসকলে ৷ বিজেপি চৰকাৰৰ জন বিৰোধী নীতিৰ প্ৰতিবাদত ধৰ্মঘট পালন কৰে কৰ্মচাৰীসকলে ।
নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ - কৰ্মচাৰী ফেডাৰেচন
নুমলীগড় শোধনাগাৰৰ মুখ্যদ্বাৰত তীব্ৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷
![নুমলীগড় শোধনাগাৰৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ Central trade union worker protest golaghat assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9669590-thumbnail-3x2-a.jpg)
নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ
নায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ
আলু-পিয়াঁজকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, শ্ৰমিকৰ শ্ৰম নীতি 12 ঘণ্টালৈ বৃদ্ধিৰ সিদ্ধান্ত বাতিল, কৃষি আইন বাতিল, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ বিৰোধিতা,অসমৰ মৃতপ্ৰায় উদ্যোগসমূহ পুনৰোজ্জীৱিত কৰাৰ দাবী আদিকে ধৰি 13 দফীয়া দাবীৰে কেন্দ্ৰীয় চৰকাৰক কাৰ্যকৰীকৰণ কৰিবলৈ আহ্বান জনায় ৷ অন্যথা দেশজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব সংগঠন দুটাই ৷
লগতে চাওকঃবৰযাত্ৰী কঢ়িয়াই অনা বলেৰ' দুৰ্ঘটনাগ্ৰস্ত , 6 জনৰ মৃত্যু