অসম

assam

যেন হিন্দী চিনেমা! ঘৰত আবদ্ধ কৰি থলে কেন্দ্ৰীয় তদন্তকাৰী দলক ! কিন্তু কোনে ?

By

Published : Sep 26, 2019, 8:55 PM IST

হান্নানৰ চুপাৰী ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অহা কেন্দ্ৰীয় ৰাজহ বিভাগৰ তদন্তকাৰী দলটোৰ বিষয়া ৰাকেশ কুমাৰে তদন্তৰ নামত কৰ্মৰত কৰ্মচাৰীক শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰ অভিযোগ ৰাইজে কৰি উত্তাল কৰি তোলে পৰিস্থিতি ৷ ইফালে তদন্তকাৰী দলটোৱে এক কোটি টকা দাবী কৰাও অভিযোগ কৰে ৰাইজৰ ৷

চুপাৰী মাফিয়া আব্দুল হান্নানৰ ঘৰত উত্তেজনা: আবদ্ধ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী দলক

গোলাঘাট, 26 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে দিনৰ ভাগত গোলাঘাটৰ চুপাৰী ব্যৱসায়ী আব্দুল হান্নানৰ বাসগৃহত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ চোৰাংচোৱা বিভাগ এটি দল তদন্ত কৰিবলৈ অহাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনামূলক পৰিস্থিতিৰ ৷ হান্নানৰ ঘৰত বনকৰা কৰ্মচাৰীক প্ৰহাৰৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী দলটোক আৱদ্ধ কৰি ৰাখে চুপাৰী মাফিয়া আব্দুল হান্নান আৰু তেওঁৰ অনুগামী ৰাইজে ৷ শেষত পৰিস্থিতি অধিক বেয়াৰ পিনে ঢাল খোৱাত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে তদন্তকাৰী বিষয়া কেইজনক উদ্ধাৰ কৰে ৷

ঘটনা অনুসৰি, হান্নানৰ চুপাৰী ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ অহা কেন্দ্ৰীয় ৰাজহ বিভাগৰ তদন্তকাৰী দলটোৰ বিষয়া ৰাকেশ কুমাৰে তদন্তৰ নামত কৰ্মৰত কৰ্মচাৰীক শাৰীৰিক ভাবে প্ৰহাৰ কৰাৰ অভিযোগ ৰাইজে কৰি উত্তাল কৰি তোলে পৰিস্থিতি ৷ ইফালে তদন্তকাৰী দলটোৱে এক কোটি টকা দাবী কৰাও অভিযোগ কৰে ৰাইজৰ ৷

ঘটনা সন্দৰ্ভত হান্নানৰ অনুগামীয়ে গোলাঘাটত থানাত পৃথকে পৃথকে দুই গোচৰ ৰুজু কৰিছে ৷ এইদৰে তদন্ত কৰিবলৈ আহি কেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী দল কিছু উদণ্ড লোকৰ আগত অপদস্থ হোৱা ঘটনাই ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰনত গৃহ বিভাগৰ চৰম ব্যৰ্থতাৰ কথাকে সূচাইছে ৷ আৰক্ষীয়ে ঘটনাৰ অদিক তথ্য উদঘাটনৰ বাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

চুপাৰী মাফিয়া আব্দুল হান্নানৰ ঘৰত উত্তেজনা: আবদ্ধ কৰিলে কেন্দ্ৰীয় তদন্তকাৰী দলক

অধিক চাওক:কটনৰ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদত ছাত্ৰীৰ মনোনয়ন

ABOUT THE AUTHOR

...view details