অসম

assam

ETV Bharat / state

কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ ব্যতিক্ৰমী পদক্ষেপ - Kaziranga Wildlife Rehabilitation and Conservation

কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ নতুন পদক্ষেপ ৷ উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ দেহত সংস্থাপন কৰিছে মাইক্ৰ’চিপ ৷ কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই আৰম্ভ কৰিছে এই পদক্ষেপ ৷

Wildlife Rehabilitation and Conservation
বন্যপ্ৰাণীৰ দেহত এতিয়াৰ পৰা লগা মাইক্ৰ’চিপ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 1:24 PM IST

বন্যপ্ৰাণীৰ দেহত এতিয়াৰ পৰা লগা মাইক্ৰ’চিপ

কাজিৰঙা, 29 নৱেম্বৰ :কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ ব্যতিক্ৰমী পদক্ষেপে ৷ বিভিন্ন কাৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আঘাতপ্ৰাপ্ত অৱস্থাত বা অন্য কাৰনত বহু বন্য পশু-পক্ষী উদ্ধাৰ কৰা হয় ৷ তেনে পশু-পক্ষী উদ্ধাৰ কৰি চিকিৎসাৰ বাবে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হয় ৷ সম্পূৰ্ণ সুস্থ হোৱাৰ পাচত উদ্ধাৰ কৰা বন্য পশু-পক্ষীসমূহক এৰি দিয়া হয় বনাঞ্চল ৷ তেনে পশু বা পক্ষীৰ দেহত সংস্থাপন কৰা হৈছে মাইক্ৰ’চিপ ৷

উল্লেখ্য যে, কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত আঘাতপ্ৰাপ্ত পশু-পক্ষীৰ চিকিৎসা কৰি সুস্থ কৰা হয় ৷ সুস্থ হৈ উঠা বন্যপ্ৰাণীৰ দেহত মাইক্ৰ’চিপ সংস্থাপন কৰা হৈছে । কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসা বিজ্ঞানত আৰম্ভ কৰিছে এই পদক্ষেপ । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ অনা সকলো বন্যপ্ৰাণীৰ দেহত এতিয়াৰ পৰা মাইক্ৰ’চিপ সংস্থাপন কৰাৰ কাম আৰম্ভ কৰিছে কেন্দ্ৰটোৰ চিকিৎসকে ।

উল্লেখ্য, 2002 চনত কাজিৰঙাৰ পানবাৰীত বেচৰকাৰী সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া ৰাজ্য চৰকাৰৰ সহযোগত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল । প্ৰতিষ্ঠা কালৰে পৰা বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়, হাতী, ম'হ, বাঘ আৰু হৰিণাকে আদি কৰি বিভিন্ন বন্যপ্ৰাণীৰ ওপৰিও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অনা প্ৰায় 8 হাজাৰতকৈও অধিক বন্যপ্ৰাণী উদ্ধাৰ কৰি কেন্দ্ৰটোলৈ আনিছে ।

ইতিমধ্যে উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ প্ৰায় পাঁচ হাজাৰ বন্যপ্ৰাণীক কেন্দ্ৰটোৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰি বনাঞ্চলত পুনৰ মুকলি কৰি দিবলৈ সক্ষম হৈছে । আনহাতে কেন্দ্ৰটোত বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত উদ্ধাৰ কৰি অনা পক্ষীবোৰৰ ভৰিত বিশেষ আঙুঠি পিন্ধাই নিৰাপদ স্থানত মুকলি দিয়াৰ কামো আৰম্ভ কৰিছে কেন্দ্ৰটোৰ চিকিৎসকে । এই কথা জানিবলৈ দিছে কেন্দ্ৰটোৰ চিকিৎসকে ৷

লগতে পঢ়ক :গাৰ ওপৰেৰে খোজ কাঢ়ি গ’ল হাতীয়ে, মুমূৰ্ষুু অৱস্থাত চিকিৎসালয়ত ভৰ্তি

ABOUT THE AUTHOR

...view details