বোকাখাত,১১ জুন:আৰক্ষীৰ চকুত ধুলি দিবলৈ গৰু চোৰৰ অভিনৱ কৌশল । আৰক্ষীয়েও ৰচিছে বেহু । প্ৰতিদিনে জালত পেলাইছে ইটোৰ পাচত সিটোকৈ চোৰাং গৰু সৰবৰাহকাৰীক(Police against smuggling of cattle) । তথাপি অতি নিৰ্দয়ভাৱে গৰুৰ সৰবৰাহ চলাই গৈছে গো-মাফিয়াই । বস্তা জপাৰ দৰে গৰু জাপি সৰবৰাহৰ চেষ্টা চলাইছে গো-মাফিয়াই ।
শুকুৰবাৰে নিশাৰভাগত এখন বলেৰ' পিক আপ ভানত আৰক্ষীৰ চকুত ধূলি দি চোৰাংভাৱে সৰবৰাহৰ চেষ্টা চলাইছিল ১১ টাকৈ গৰু । কিন্তু বোকাখাত আৰক্ষীৰ অভিযানত জালত পৰে সৰবৰাহকাৰীৰ বাহনখন । লগতে আটক কৰে বাহনখনৰ চালক আৰু সহযোগীক(Cattle smugglers trapped by police in Bokakhat) ।
আৰক্ষীৰ চকুত ধুলি দিবলৈ গৰু চোৰৰ অভিনৱ কৌশল আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বাহনখনত অতি নিৰ্দয়ভাৱে গৰুকেইটাক মুখ, ঠেং, ডিঙি একেলগে বান্ধি লৰচৰ কৰিব নোৱাৰাকে যোৰহাটৰ দিশৰ পৰা নগাঁৱৰ দিশে লৈ অনা হৈছিল । সাধাৰণ দৃষ্টিত খালী গাড়ী হেন দেখিলেও বস্তা জপাৰ দৰে জাপি আনিছিল গৰুকেইটা । কিন্তু বোকাখাত আৰক্ষীৰ শেন চকুৰ পৰা সাৰি যাব নোৱাৰিলে বাাহনখন ।
আৰক্ষীয়ে জব্দ কৰে AS 02 BC 3026 নম্বৰৰ বলেৰ' পিক আপ ভানখনৰ লগতে ১১ টাকৈ গৰু । লগতে বাহনখনৰ চালক আৰু সহযোগীক আটক কৰি আৰম্ভ কৰে তদন্ত । উল্লেখ্য যে এটা চক্ৰই অবৈধ ভাৱে গো-ধনৰ সৰবৰাহ অব্যাহত ৰাখিছে বোকাখাতত । নিশা হলেই নিতৌ উজনিৰ বিভিন্ন অঞ্চলৰ পৰা বোকাখাতৰ মাজেৰে নামনি অসমৰ বিভিন্ন অঞ্চললৈ অবৈধ ভাৱে গো-ধন সৰবৰাহ হোৱাৰো অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক:লখিমপুৰত আৰক্ষীৰ জালত গো-সৰবৰাহকাৰী