অসম

assam

ইদৃশ আলিক বিদেশী ঘোষণাৰে ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ

By

Published : Aug 21, 2019, 9:52 PM IST

গোলাঘাটৰ ঠেলা চালক ইদৃশ আলিক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰে ৷

ইদৃশ আলিক বিদেশী ঘোষণাৰে ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ

সৰুপথাৰ, 21 আগষ্ট : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ 2 নং কৰিগাঁৱৰ আলি বক্সৰ পুত্ৰ ইদৃশ আলিক বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল ৷ সেইসূত্ৰে, 2018 চনত কেইবাটাও শুনানী অনুষ্ঠিত কৰা হ'ল যদিও বিষয়টো সন্দৰ্ভত জ্ঞাত নোহোৱাত আদালতত উপস্থিত নহ'ল ইদৃশ আলি ৷ ইয়াৰ পাছতে ঠেলা চলাই জীৱন নিৰ্বাহ কৰা আলিক গ্ৰেপ্তাৰ কৰি যোৰহাটৰ ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰা হয় ৷ বুধবাৰে সীমান্ত আৰক্ষীৰ এটা দলে ইদৃশ আলিক গ্ৰেপ্তাৰ কৰিবলৈ আহোঁতেহে বিদেশী ঘোষণা কৰাৰ কথা গম পাই তেওঁ ৷

ইদৃশ আলিক বিদেশী ঘোষণা

উল্লেখযোগ্য যে, সীমান্ত আৰক্ষীৰ তদন্তকাৰী বিষয়াৰ গাফিলতিৰ বাবে নামনি অসমত স্বদেশীক বিদেশী সজাই হাৰাশাস্তি কৰাৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছিল ৷

ABOUT THE AUTHOR

...view details