অসম

assam

ETV Bharat / state

কেপ্তেইন জিন্টু গগৈৰ ২০ সংখ্যক মৃত্যু তিথি - captain jintu gogoi

দেওবাৰে গোলাঘাটৰ নিজাবাসগৃহত কাৰ্গিল শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ২০ সংখ্যক মৃত্যু তিথি পালন কৰা হয় । ইপিনে শ্বহীদগৰাকীৰ মৃত্যু তিথি চৰকাৰে অনুষ্ঠিত নকৰাত ক্ষোভ স্থানীয় ৰাইজৰ ৷

কেপ্তেইন জিন্টু গগৈৰ ২০ সংখ্যক মৃত্যু তিথি

By

Published : Jun 30, 2019, 4:53 PM IST

গোলাঘাট,30জুনঃ দেওবাৰে কাৰ্গিল শ্বহীদ কেপ্তেইন জিন্টু গগৈৰ ২০ সংখ্যক মৃত্যু তিথি । ১৯৯৯ চনৰ ৩০ জুনত কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল গোলাঘাটৰ খুমটাইৰ জিন্টু গগৈ । দেওবাৰে গোলাঘাটৰ খুমটাইৰ নিজা বাসগৃহত বীৰ শ্বহীদ জনক স্মৰণ কৰে পৰিয়াল, আত্মীয় কুটুম্ব আৰু ভকত বৈষ্ণৱ সকলে । পুৱা শ্বহীদগৰাকীৰ সমাধিস্থলীত পুস্পমাল্য অৰ্পণ, বন্তি প্ৰজ্বলন কৰি ধূপ ধূনা জ্বলাই স্মৰণ কৰে সকলোৱে । পিতৃ ঠগীৰাম গগৈ, মাতৃ দুলু গগৈয়ে পুত্ৰৰ মৃত্যুৰ দিনটোত আৱেগিক হৈ পৰে যদিও দেশৰ বাবে শ্বহীদ হোৱাত গৌৰৱ অনুভৱ কৰে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে । আনহাতে শ্বহীদগৰাকীৰ মৃত্যু তিথিত চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷

কেপ্তেইন জিন্টু গগৈৰ ২০ সংখ্যক মৃত্যু তিথি

ABOUT THE AUTHOR

...view details