অসম

assam

ETV Bharat / state

'অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব' - Assamese as State Language

'অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব' ৷ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল ৰয়ে এই মন্তব্য কৰে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ বেংগলী যুৱ নেতা আৰু হিন্দু যুৱ ছাত্ৰ পৰিষদ ৷

Protest against Pradip dutta
বিপুল ৰয়

By

Published : Dec 4, 2019, 4:36 PM IST

মাৰ্ঘেৰিটা, খুমটাই, 4 ডিচেম্বৰঃঅসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে বিৰোধিতা কৰা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় উপ সভাপতি বিপুল ৰয় । তেওঁ সাংবাদিকৰ আগত অসমত অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন আনিব বিচৰা প্ৰদীপ দত্ত ৰয়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ তেওঁ স্পষ্ট কৰি দিয়ে যে অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা আছিল আৰু থাকিব ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা নহয় বুলি মন্তব্য কৰাৰ পাছত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহন কৰিবলৈ সংগঠনটোৱে দাবী জনাই ৷

প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে সৰৱ বাঙালী যুৱ নেতা

একেদৰে খুমটাইতো হিন্দু যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিয়ে অসমীয়া ভাষাৰ প্ৰতি বিৰুপ মন্তব্য কৰা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ খুমটাইৰ কেপ্তেইন জিণ্টু গগৈ স্মাৰক ভৱনত আয়োজন কৰা এই সংবাদমেলখনত সংগঠনটোৱে অসমত অসমীয়া আৰু বেংগলী সম্প্ৰদায়ৰ মাজত বিভাজন আনিব বিচৰা প্ৰদীপ দত্ত ৰয়ক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে ৷ লগতে সংগঠনটোৱে অসমৰ ৰাইজক অসমৰ জাতীয় সংস্কৃতিৰ সত্ত্বা বজাই ৰাখি মিলাপ্ৰীতিৰে একত্ৰিত হৈ বৃহৎ অসমীয়া জাতি গঢ়ি তুলিবলৈ আহ্বান জনাই ৷

ABOUT THE AUTHOR

...view details