অসম

assam

ETV Bharat / state

অসমীয়াই CAA নামানে ! একেই গতিৰে চলিয়েই আছে প্ৰতিবাদ - কামৰূপ জিলা ছাত্ৰ সন্থা

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদী কাৰ্যসূচী ৷ গোলাঘাট, কামৰূপ, খুমটাই, ডুমডুমা, বিহপুৰীয়া, হোজাই আৰু যোৰহাট অব্যাহত প্ৰতিবাদ ৷ অখিল গগৈসহ গ্ৰেপ্তাৰিত আন নেতাবোৰক বিনা চৰ্তেই মুক্তিৰ দাবী বিভিন্ন দল-সংগঠনৰ ৷ ঠাই ভেদে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদত কঁপিল ৰাজ্য ৷

CAA protest Overall assam
ৰাজ্যত ওৰ পৰা নাই প্ৰতিবাদী দাবানল

By

Published : Dec 24, 2019, 11:58 PM IST

গোলাঘাট, 24 ডিচেম্বৰঃৰাজ্যজুৰি উমি উমি জ্বলি আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ এই নাগৰিকত্ব আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত গাঁৱে গাঁৱে অব্যাহত প্ৰতিবাদ ৷ গোলাঘাটৰ কছাৰীহাতৰ ৰাজপথত সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই। প্ৰতিবাদৰ ফলত বহু সময় ধৰি স্থবিৰ হৈ পৰে যাতায়ত ব্যৱস্থা ৷ আৰ.এছ.এছৰ গুণ্ডাগিৰি নচলিব, বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী লেই-লেই ছেই-ছেই, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ আদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । অতি শীঘ্ৰে যদি চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে তেনেহ’লে ভবিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সন্থাৰ নেতাসকলে।

কামৰূপঃ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী অব্যাহত। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শৰাইঘাট আঞ্চলিক ছাত্ৰ সন্থাই । বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ লগতে শৰাইঘাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল ওলাই আহি বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব পৰা নাগৰিকত্ব সংশোধনী আইন কোনো কাৰনতে মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদীকাৰী সকলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,অমিত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ।

ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদী ঢৌ

খুমটাইঃ সদৌ অসম ছাত্র সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত খুমটাইতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চিনাতলী চাৰিআলিত বহু সংখ্যক ছাত্র কৰ্মী আৰু জেষ্ঠ নাগৰিকে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত ৩ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে নৰেন্দ্ৰ মোডী হায় হায়, সৰ্বানন্দ সোণোৱাল হায় হায় আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিহপুৰীয়াঃবিহপুৰীয়া সমষ্টিৰ মাধৱপুৰতো আজি সাব্যস্ত কৰা হয় নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদ ৷ শ্ৰীশ্ৰী মাধৱদেৱ গাঁও সংগঠনৰ পৰিষদৰ সৌজন্যত, আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে সমবেত হয় শতাধিক লোক ৷ মহিলাসকলে দিহানামৰ জৰিয়তে তুলাধুনা দিয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক ৷ কোনোপধ্যে এই আইন মানি নলয় সমবেত প্ৰতিবাদকাৰীয়ে ৷ কেইবাগৰাকীও শিক্ষক, অধিবক্তা আৰু সাংবাদিকে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদী ঢৌ

যোৰহাটঃ নাগৰিকত্ব সংশোধিত আইন বাতিলৰ দাবীত উকীল সন্থাৰ ধাৰাবাহিক আন্দোলন অব্যাহত। একাংশ ছাত্ৰ নেতাৰ চিত্ৰহাৰৰ দৰে আন্দোলন গঢ়ি তোলাৰ চেষ্টা বুলিও উল্লেখ কৰে উকীল সন্থাই ৷ অখিল গগৈৰ লগতে আটকাধীন সকলোকে মুক্তিৰ দাবী জনাই উকীল সন্থাই। ৰাজ্যত এতিয়া একাংশ ছাত্ৰ নেতাই নাগৰিকত্ব সংশোধিত আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থকা যুঁজখনক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰে। চিত্ৰহাৰৰ দৰে আন্দোলন কৰি নাগৰিকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে । যোৰহাট বাৰ লাইব্ৰেৰীৰ সন্মুখত উকীল সন্থাৰ একাধিক অধিবক্তাই অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অতি শীঘ্ৰে অখিল গগৈ তথা নাগৰিকত্ব সংশোধিত আইনৰ বাতিলৰ দাবীত যুঁজ কৰা নেতাসকলৰ মুক্তিৰ দাবী তোলে । আনহাতে যোৰহাট উকীল সন্থাই নাগৰিকত্ব সংশোধিত আইনৰ বাতিলৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হ’লে বিনামূলীয়াকৈ আইনী সাহায্য প্ৰদান কৰিব বুলিও উল্লেখ কৰে।

ডুমডুমাঃ নাগৰিকত্ব আইনৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ সংগ্ৰামীক বিনা চৰ্তে মুক্তিৰ দাবী লাচিত সেনাৰ । ইয়াক লৈ ডুমডুমা আৰক্ষী থানাত লাচিত সেনাৰ পত্ৰ । বীৰ লাচিত সেনাৰ শৃংখল চলিহা, আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, কৃষক নেতা অখিল গগৈ, অমিতাভ শৰ্মাকে আদি কৰি অসমৰ সংগ্ৰামী সত্তাসকলক বিনা চৰ্তে মুক্তিৰ দাবী কৰিছে বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বাক স্বাধীনতা খৰ্ব কৰি এইসকল নেতাক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদ জনাই বীৰ লাচিত সেনাৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমা আৰক্ষী থানাৰ প্ৰভাৰী বিষয়াক এখন পত্ৰ প্ৰদান কৰে । বীৰ লাচিত সেনাৰ দাবী শীঘ্ৰেই অসমৰ সংগ্ৰামী সত্তাসমূহক বিনা চৰ্তে মুক্তি দিয়ক অন্যথা তেওঁলোককো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই । বীৰ লাচিত সেনাৰ বাবে জেইলক জিৰণী ঘৰ বুলি উল্লেখ কৰি নাগৰিকত্ব সংশেধনী আইন বিৰোধী প্ৰতিবাদ চলাই নিয়াৰ হুংকাৰ প্ৰদান কৰে ।

ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদী ঢৌ

গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মালিগাঁৱত 'জনতাৰ গৰ্জন'। এই আইন বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই নিয়াৰ অংগীকাৰ প্ৰতিজন অসমীয়াৰ। ভাষা-সংস্কৃতিক নিঃশেষ কৰিব পৰা এই আইনৰ বিৰুদ্ধে মালিগাঁৱত পাণ্ডু মহাবিদ্যালয়, ললিত চন্দ্ৰ ভঁৰালী মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ছাত্ৰসমাজ আৰু মালিগাঁওবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিবাদী কাৰ্যসূচী। গীত, সংলাপৰে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰসমাজে। ইফালে চৰকাৰে লোৱা দমন নীতিৰে এই আন্দোলন কোনো কাৰণতে মষিমূৰ কৰিব নোৱাৰে বুলিও সকিয়াই দিয়ে প্ৰতিবাদকাৰীয়ে। অখিল গগৈ, জিতেন দত্ত, শৃংখল চলিহাসহ আন সংগ্ৰামী নেতাক কাৰাৰুদ্ধ কৰি প্ৰতিবাদী জনতাক ৰুদ্ধ কৰিব নোৱাৰিব বুলিও সকিয়নী প্ৰদান কৰে উপস্থিত সকলোৱে।

হোজাইঃনাগৰিকত্ব সংশোধনী আইন বাতিল তথা কৃষক নেতা অখিল গগৈসহ সংগঠনটোৰ ভাতৃ সংগঠন ছাত্ৰ মুক্তিৰ কাৰাৰুদ্ধ সদস্যক বিনাচৰ্তে মুক্তিৰ দাবীত হোজাইৰ উপায়ুক্ত কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অনশন কাৰ্যসূচী ৰূপায়ন। ষড়যন্ত্ৰমুলকভাৱে গ্ৰেপ্তাৰ কৰি "নিয়া"ৰ অধীনলৈ লৈ যোৱা অখিল গগৈৰ গ্ৰেপ্তাৰৰ কাৰণ ৰাজহুৱা কৰাৰ দাবী জনায়। লগতে বাংলাদেশীৰ দালাল আখ্যাৰে মোডী, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে সংগঠনটোৱে।

ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদী ঢৌ

আৰু পঢ়কঃগণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

ABOUT THE AUTHOR

...view details