অসম

assam

ETV Bharat / state

বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী - সৰুপথাৰত বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ ১২ ঘন্টীয়া অনশন কাৰ্যসূচী

সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলৰ অনশন কাৰ্যসূচী ৷ মঙলবাৰে পুৱা 5 বজাৰ পৰা ১২ ঘন্টীয়া অনশন কাৰ্যসূচী হাতত লৈছে ভকত বৈষ্ণৱসকলে ।

CAA protest at golaghat sarupothar
সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী

By

Published : Jan 7, 2020, 3:40 PM IST

সৰুপথাৰ,7 জানুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ মঙলবাৰে গোলাঘাট জিলাৰ সৰুপথাৰৰ ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে ৷ 33 টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ মঙলবাৰে পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী কৰে ৷ তেওঁলোকে প্ৰাৰ্থনা লৈ চৰকাৰৰ সুমতিৰ কামনা কৰে ৷ উচ্চতম ন্যায়ালয়ৰ শুনানিৰ আগতে চৰকাৰে বিশেষ ব্যৱস্থা হাতত লৈ আইনখনৰ বাতিল কৰি অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দাবী তোলে বাৰেখেলীয়া বৰনামঘৰৰ ভকত বৈষ্ণৱসকলে ৷

সৰুপথাৰত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ৰ সন্মূখত ১২ ঘন্টীয়া অনশন কাৰ্যসূচী

ABOUT THE AUTHOR

...view details