অসম

assam

বহিঃৰাজ্যৰ পৰা অহা যুৱকক লৈ পথাৰ আৰু বজাৰ দখলৰ প্ৰচেষ্টা

By

Published : Jun 13, 2020, 4:17 PM IST

লক ডাউনত বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ ঘূৰি অহা যুৱকক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে গোলাঘাটৰ দুজন ব্যক্তিয়ে ৷

fishery culture
fishery culture

গোলাঘাট, 13 জুন :বৰ্তমান সময়ত লক্ ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ উভতিছে সহস্ৰাধিক যুৱক-যুৱতী ৷ বহিঃৰাজ্যত বিভিন্ন ধৰণৰ কৰ্মত নিয়োজিত হৈ আছিল এইসকল যুৱক-যুৱতী ৷ কিন্তু ঘৰলৈ ঘূৰি আহি তেওঁলোক একপ্ৰকাৰ সংস্থাপনহীন হৈ পৰিছে ৷ বহিঃৰাজ্যৰ পৰা ঘূৰি অহা এনে যুৱকক সংস্থাপনৰ পথ দেখুৱাইছে দুজন উদ্যমী ব্যক্তিয়ে ।

মীন পালনৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ

অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰিক্ষীত দত্ত আৰু গোলাঘাটৰ সমাজকৰ্মী পূৰ্ণ ৰাজখোৱাই লৈছে এই আদৰণীয় পদক্ষেপ । লক ডাউনত নিজ গৃহলৈ ঘূৰি অহা গোলাঘাট জিলাৰ শালিকীহাটৰ ২৬ গৰাকী যুৱকক মীন পালনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে দুয়োজন ব্যক্তিয়ে । বহিঃৰাজ্যৰ পৰা ঘূৰি অহা পিচত কৰ্মহীন হৈ পৰিছিল এই যুৱকসকল । শালিকীহাট ৰিডম কৃষি গোটৰ অধীনৰ ফিচাৰীত যুৱক সকলক মীন পালনৰ ব্যৱস্থা কৰি দিয়াৰ লগতে মাছৰ পোণা যোগান ধৰে ।

পথাৰ আৰু বজাৰ দখলৰ প্ৰচেষ্টা

পুখুৰীৰ পাৰত পৰিক্ষীত দত্ত আৰু পূৰ্ণ ৰাজখোৱাই বন্তি জ্বলাই শুভাৰম্ভণি কৰে মীন পালন কাৰ্যসূচীৰ ৷ কৃষি কৰ্মৰে আত্ম নিৰ্ভৰশীল হৈ খিলঞ্জীয়া পথাৰ, খিলঞ্জীয়া বজাৰ দখলৰ বাবে আহ্বান জনায় সমাজকৰ্মী দুগৰাকীয়ে। যুৱক সকলেও এনেধৰণৰ কৰ্ম সংস্থাপন পালে ভৱিষ্যতে বহিঃৰাজ্যলৈ নোযোৱাৰ প্ৰতিশ্ৰুতি কথা প্ৰকাশ কৰে । ব্যক্তিদ্বয়ৰ এনে কাৰ্যৰ শলাগ লয় অঞ্চলবাসীয়ে ।

লগতে পঢ়ক :কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

ABOUT THE AUTHOR

...view details