অসম

assam

ড্ৰাগছ ব্যৱসায়ীৰ পৰা উদ্ধাৰ সজীৱ গুলী

By

Published : Nov 21, 2019, 7:30 PM IST

বৃহস্পতিবাৰে দিন দুপৰতে গোলাঘাট আৰক্ষীৰ এটা দলে গোলাঘাট নগৰৰ মাজমজিয়াৰ বেংগুলি স্কুল ৰোডত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এহাল দম্পতী আৰু অন্য দুজনক

ড্ৰাগছ ব্যৱসায়ীৰ পৰা উদ্ধাৰ সজীৱ গুলী

গোলাঘাট, 21 নৱেম্বৰঃগোলাঘাট আৰক্ষীৰ অভিযানত ড্ৰাগছ সৰবৰাহকাৰীৰ হাতত উদ্ধাৰ হ'ল বন্দুকৰ সজীৱ গুলী । গোলাঘাট বেংগুলি স্কুল ৰ'ডৰ দীপ মজুমদাৰ আৰু পত্নী সংগীতা মজুমদাৰ লগতে অন্য দুজনক গ্ৰেপ্তাৰ আৰক্ষীৰ । বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট অভিযান কালত উদ্ধাৰ কৰে আৰক্ষীয়ে ।

ড্ৰাগছ ব্যৱসায়ীৰ পৰা উদ্ধাৰ সজীৱ গুলী


উল্লেখ্য যে,গোলাঘাট আৰক্ষীৰ দিনে নিশাই চলা অভিযানত জোলোকা জোলোকে পানী খুৱাইছে ড্ৰাগছ ব্যৱসায়ীক। গ্ৰামাঞ্চলৰ পৰা নগৰ অঞ্চললৈকে সাৰি যোৱা নাই ড্ৰাগছ ব্যৱসায়ী। গোলাঘাটৰ অলিয়ে গলিয়ে চলা ড্ৰাগছৰ ব্যৱসায়ৰ ওপৰত শেন চকু গোলাঘাট আৰক্ষীৰ । বৃহস্পতিবাৰে দিন দুপৰতে গোলাঘাট আৰক্ষীৰ এটা দলে গোলাঘাট নগৰৰ মাজমজিয়াৰ বেংগুলি স্কুল ৰোডত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এহাল দম্পতী আৰু অন্য দুজনক। ড্ৰাগছ ব্যৱসায়ী দীপ মজুমদাৰ আৰু সংগীতা মজুমদাৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট আৰু এটা সজীৱ গুলী । দীপ মজুমদাৰ ডিমাপুৰৰ পৰা মণিহাৰি সামগ্ৰী আনি গোলাঘাটত ব্যৱসায় কৰা বুলি পৰিয়ালৰ লোকে জনায় । ডিমাপুৰৰ পৰা মণিহাৰি সামগ্ৰীৰ লগতে নিচাযুক্ত টেবলেট আৰু বন্দুকৰ গুলী আদিৰ ব্যৱসায় কৰা বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ।

আনহাতে,গোলাঘাটত দীপ মজুমদাৰৰ পৰিয়ালৰ দৰে আৰু লোক ড্ৰাগছ ব্যৱসায়ৰ লগতে বন্দুকৰ গুলীৰ দৰে ব্যৱসায়ত এতিয়াও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ।

আৰু পঢ়কঃ-গছ নকটাকৈ দলঙ নিৰ্মাণৰ আহ্বান অৰণ্য মানৱ যাদৱ পায়েঙৰ

ABOUT THE AUTHOR

...view details