অসম

assam

By

Published : May 20, 2022, 9:48 AM IST

ETV Bharat / state

গোলাঘাটত দাৰে ঘপিয়াই হত্যা এজনক: ৰাইজে জ্বলালে অভিযুক্তৰ ঘৰ-বাৰী

গোলাঘাট জিলাৰ আঠখেলীয়া বেবেজিয়াত লোমহৰ্ষক হত্যাকাণ্ড (Sensational murder in Golaghat) । অভিযোগ অনুসৰি, নাজিদুৰ ৰহমানৰ দাৰ ঘাপত নিহত দিব্যজ্যোতি দাস(32) আৰু গুৰুতৰভাৱে আহত হয় দিব্যজ্যোতি দাসৰ পত্নী-পুত্ৰ ৷

Brutal murder in Golaghat
Brutal murder in Golaghat

গোলাঘাট, 20 মে’ :গোলাঘাট জিলাৰ আঠখেলীয়াৰ বেবেজিয়াত অঘটন ৷ যোৱা নিশা বেবেজিয়াত সংঘটিত হয় এটা লোমহৰ্ষক হত্যাকাণ্ড (Brutal murder in Golaghat) ৷ এইহত্যাকাণ্ডক কেন্দ্ৰ কৰি শুকুৰবাৰে পুৱাই উত্তপ্ত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷

অভিযোগ অনুসৰি, নাজিদুৰ ৰহমান নামৰ এজন লোকে দাৰে ঘপিয়াই আক্ৰমণ এটা পৰিয়ালৰ তিনিজনক (A man attacked three person with sharp weapon)। নাজিদুৰ ৰহমানৰ দাৰ ঘাপত নিহত হয় দিব্যজ্যোতি দাস(32) নামৰ এজন লোক আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰিয়ম দাস(9) আৰু চুম্পি দাস(26) ।

নাজিদুৰ ৰহমানৰ দাৰ ঘাপত আহত হোৱা প্ৰিয়ম আৰু চুম্পি ক্ৰমে মৃত দিব্যজ্যোতি দাসৰ পুত্ৰ আৰু পত্নী বুলি জানিব পৰা গৈছে ৷

গোলাঘাটত দাৰে ঘপিয়াই হত্যা এজনক

ইফালে এই ঘটনা সম্ভদ লাভ কৰাৰ পাচতেই মৃত দিব্যজ্যোতি দাসৰ ঘৰত ভিৰ কৰেহি অঞ্চলটোৰ ৰাইজ (Tense situation in Golaghat)৷ অভিযোগ অনুসৰি, শুকুৰবাৰে পুৱতি নিশা ডকাইত কৰাৰ উদ্দেশ্যে নাজিদুৰ ৰহমান গৈছিল দিব্যজ্যোতি দাসৰ ঘৰলৈ ৷ এই ঘটনাক কেন্দ্ৰ কৰি নাজিদুৰ ৰহমান দিব্যজ্যোতি দাসত মাজত হতাহতি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷ হতাহতিৰ পৰিপ্ৰেক্ষিততেই নাজিদুৰ ৰহমানে দিব্যজ্যোতি দাসক হত্যা কৰাৰ বুলি অভিযোগ উত্থাপিত হৈছে ৷

আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে সমগ্ৰ অঞ্চলটো ৷ আনকি উত্তেজিত ৰাইজে অভিযুক্ত নাজিদুৰ ৰহমানৰ এখন ব্ৰইলাৰ মুৰ্গীৰ ফাৰ্ম আৰু বাসগৃহত অগ্নিসংযোগ কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল ৷ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

সবিশেষ পৰৱৰ্তী বাতৰিত...

ABOUT THE AUTHOR

...view details