গোলাঘাট, 2 ফেব্ৰুৱাৰী :গোলাঘাটত বীৰ লাচিত সেনাৰ ১২ জনকৈ সদস্যক সোমবাৰে আৰক্ষীয়ে আটক(Bir Lachit Sena Members Arrested at Golaghat) কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ঘটনাৰ বিৰুদ্ধে মঙলবাৰে উত্তাল হৈ পৰে তিনিচুকীয়া জিলা ৷ তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰীৰ সমীপত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া নগৰ সমিতিয়ে বীৰ লাচিত সেনাৰ সদস্যককেইজনক মুক্ত কৰি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ(Brihattar Asomiya Yuva Manch Protest at Tinsukia) সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে বিনা কাৰণত যুৱককেইজনক দোষী সজাই গ্ৰেপ্তাৰ কৰি গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ অভিযোগ কৰে ৷ তেওঁলোকে এই ঘটনাক ধিক্কাৰ জনাই শীঘ্ৰে বীৰ লাচিত সেনাৰ সদস্যকেইজনক মুক্ত কৰি দিবলৈ চৰকাৰক দাবী জনায় । অন্যথা অনাগত দিনত ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি আৰু তিনিচুকীয়া নগৰ সমিতিয়ে ।